আচৰিত অসুখ! নিজৰ চুলি চিঙি নিজে খাই কিশোৰীয়ে! পেটত ওলাইছে ৪৮ চেণ্টিমিটাৰ চুলিৰ বল

News18 Assam | News18-Assam
Updated:March 22, 2021, 2:59 PM IST
আচৰিত অসুখ! নিজৰ চুলি চিঙি নিজে খাই কিশোৰীয়ে! পেটত ওলাইছে ৪৮ চেণ্টিমিটাৰ চুলিৰ বল
এই কিশোৰীগৰাকী ৰাপুণজেল চিণ্ড্ৰোমত আক্ৰান্ত। দুটা বিৰল অসুখত একেলগে আক্ৰান্ত হৈছে কিশোৰীগৰাকী। নিজৰ চুলি নিজে খাই কিশোৰীগৰাকীয়।

এই কিশোৰীগৰাকী ৰাপুণজেল চিণ্ড্ৰোমত আক্ৰান্ত। দুটা বিৰল অসুখত একেলগে আক্ৰান্ত হৈছে কিশোৰীগৰাকী। নিজৰ চুলি নিজে খাই কিশোৰীগৰাকীয়।

  • Share this:
চিকিৎসকে জনোৱা মতে, এই ৰোগ অত্যন্ত বিৰল। প্ৰথমে চিঙে নিজৰ চুলি, পিছত আকৌ খাই সেই চুলি। ভয়াৱহ এই ৰোগত আক্ৰান্ত হৈছে লণ্ডনৰ এগৰাকী কিশোৰী। সাধাৰণ ভাষাত এই ৰোগৰ নাম ৰাপুনজেল ডিজিজ।

যোৱা কিছুদিন ধৰি অত্যন্ত পেটৰ বিষত আক্ৰান্ত হৈছিল কিশোৰীগৰাকী। যোৱা দুসপ্তাহে লৈছিল ভয়ংকৰ ৰূপ। লগে লগে কিশোৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। কিশোৰীগৰাকীক পিছত হাস্পতালত চিটি স্কেন কৰা হয়। তেতিয়াই চিকিৎসকে দেখে যে, কিশোৰীগৰাকীৰ পেটত অদ্ভুট ধৰণৰ কিবা এটা সোমাই আছে। পৰীক্ষা কৰোতে পেটত চুলি থকাটো নিশ্চিত কৰে চিকিৎসকে।

দুটা বিৰল অসুখত একেলগে আক্ৰান্ত হৈছে কিশোৰীগৰাকী। নিজৰ চুলি নিজে খাই কিশোৰীগৰাকীয়। কিশোৰীগৰাকী ৰাপুনজেল চিণ্ড্ৰোমত আক্ৰান্ত বুলি নিশ্চিত কৰিছে চিকিৎসকে।

কিশোৰীগৰাকীৰ পেটৰ পৰা প্ৰায় ৪৮ চেণ্টিমিটাৰৰ দীঘল চুলিৰ বল এটা অস্ত্ৰোপচাৰ কৰি উলিয়াই আনে চিকিৎসকে। লগতে কিশোৰীগৰাকী মানসিক ৰোগতো আক্ৰান্ত বুলি জনাইছে চিকিৎসকে।
Published by: Himangshu Bhuyan
First published: February 21, 2021, 2:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি