চকুত কিলবিল কৰিছে কৃমিয়ে, ছাৰ্জাৰীৰ ভিডিঅ’ ভাইৰেল বিশ্বজুৰি

News18 Assam | News18-Assam
Updated:October 30, 2020, 9:52 AM IST
চকুত কিলবিল কৰিছে কৃমিয়ে, ছাৰ্জাৰীৰ ভিডিঅ’ ভাইৰেল বিশ্বজুৰি
জি টিং নামৰ এজন চিকিৎসকে তেওঁৰ চকু পৰীক্ষা কৰি স্তম্ভিত হৈ পৰে। তেওঁ দেখে যে গোটেই চকুটোত বাহ বান্ধিছে গোল কৃমিয়ে।

জি টিং নামৰ এজন চিকিৎসকে তেওঁৰ চকু পৰীক্ষা কৰি স্তম্ভিত হৈ পৰে। তেওঁ দেখে যে গোটেই চকুটোত বাহ বান্ধিছে গোল কৃমিয়ে।

  • Share this:
চকুত কিলবিল কৰিছে কৃমিয়ে। ৬০ বছৰীয়া বৃদ্ধৰ চকুৰ পৰা এডাল এডালকৈ সেই কৃমি উলিয়াই আনিছে চিকিৎসকে। চীনৰ জিয়াংছু প্ৰদেশৰ সুঝোও উপত্যকাৰ মিউনিচিপাল হাস্পতালৰ এই দৃশ্য এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল।

চকুৰ যন্ত্ৰণাৰ বাবে হাস্পতালত ভৰ্তি হৈছিল এজন বৃদ্ধ। প্ৰথমে লোকজনে গা এৰা মনোভাৱ দেখুৱাইছিল যদিও অধিক অসুস্থ হৈ পৰাত হাস্পতাললৈ আহিবলৈ বাধ্য হয়। হাস্পতালত তেওঁৰ চকু পৰীক্ষা কৰা হয় একাধিকবাৰ। জি টিং নামৰ এজন চিকিৎসকে তেওঁৰ চকু পৰীক্ষা কৰি স্তম্ভিত হৈ পৰে। তেওঁ দেখে যে গোটেই চকুটোত বাহ বান্ধিছে গোল কৃমিয়ে। লগে লগে এখন মেডিকেল ব’ৰ্ড গঠন কৰে তেওঁ।


এই মেডিকেল দলে কৰা ছাৰ্জীৰ ভিডিঅ’ এতিয়া ভাইৰেল। ভিডিঅ’ত দেখা গৈছে এডাল এডালকৈ প্ৰায় ২০ডাল কৃমি উলিয়াই আনিছে চকুৰ পৰা। সৰুি সূতাৰ দৰে এই কৃমিবোৰ ২–৩ ইঞ্চি দীঘল। এই ধৰণৰ পৰজীৱী ছাল বা মুখেৰে শৰীৰৰ বিভিন্ন অংশত সোমাব পাৰে।
Published by: Sanjay Kumar Das
First published: October 30, 2020, 9:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading