মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Residential Airpark: এখন চহৰ, য’ত প্ৰতিজন নাগৰিকৰে আছে এখনকৈ ব্যক্তিগত প্লেন

Residential Airpark: এখন চহৰ, য’ত প্ৰতিজন নাগৰিকৰে আছে এখনকৈ ব্যক্তিগত প্লেন

News18 Assam | News18-Assam
Updated:September 20, 2021, 8:43 AM IST
Residential Airpark: এখন চহৰ, য’ত প্ৰতিজন নাগৰিকৰে আছে এখনকৈ ব্যক্তিগত প্লেন
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), default quality

কেমেৰন পাৰ্কক চহৰ হিচাপে মান্যতা নিদিলেও ইয়াক ফ্লাই ইন ৰেছিডেন্সিয়েল কমিউনিটী হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

  • News18 Assam
  • Last Updated: September 20, 2021, 8:43 AM IST
  • Share this:
শুনি আপোনাৰ আচৰিত যেন লাগিছে যদিও এয়াই বাস্তৱ। কাৰণ বিশ্বৰ বুকুত এনে এখন চহৰ আছে যাৰ বেলেগে কোনো পথ অথবা গলি নাই। চহৰখনৰ একমাত্ৰ পথটোৱে এটা দীঘল বিমান অৱতৰন কৰাৰ ৰানৱে। চহৰখনক দুটা ভাগত ভাগ কৰি ১০০ ফুট বহল পথ এটাত গাড়ী আৰু বিমান একে লগে চলাচল কৰা সাধাৰণ ঘটনা।

এই আচৰিত চহৰখনৰ নাম কেমেৰন পাৰ্ক। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এইখন চহৰত যিসকল লোকে বসবাস কৰে তেওঁলোকে প্ৰতিদিনে কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো কাম কৰিবলৈ বিমানেৰে যাত্ৰা কৰে। আনকি সপ্তাহৰ অন্তত বন্ধৰ দিনত ফুৰিবলৈ বিমানেৰে ওলাই যায়।

চৰকাৰী তথ্য মতে, কেমেৰন পাৰ্কক চহৰ হিচাপে মান্যতা নিদিলেও ইয়াক ফ্লাই ইন ৰেছিডেন্সিয়েল কমিউনিটী হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আমেৰিকাৰ বহু বিমান চলাচলৰ ৰানৱে’  আথবা এয়াৰ ষ্ট্ৰিপ পৰিত্যক্ত হৈ পৰিছিল। একে সময়তে অৱসৰপ্ৰাপ্ত বিমান চালক ( Pilot) ৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। সেই সংখ্যা ১৯৩৯ চনত ৩৪ হাজাৰ আছিল যদিও ১৯৪৬ চনলৈ বিমান চালকৰ (pilot)সংখ্যা চাৰি লাখ অতিক্ৰম কৰিছিল।

তাৰ বাবেই আমেৰিকাৰ চৰকাৰে যুদ্ধত অংশগ্ৰহণ কৰা পাইলটসকলৰ বাবে ফ্লাই ইন ৰেছিডেন্সিয়েল কমিউনিটী গঢ়ি তুলিবলৈ উদ্যোগ গ্ৰহণ কৰে। আমেৰিকাৰ অসামৰিক বিমান পৰিবহন সন্থাই যুদ্ধৰ পিছত পৰিত্যক্ত বিমানবোৰতে একো একোজন পাইলটক বসবাস কৰিবলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

১৯৬৬ চনত সেই সিদ্ধান্তৰ পিছত আমেৰিকাৰ কেমেৰন পাৰ্ক এয়াৰপ’ৰ্ট স্থাপিত হয়। প্ৰথমে ইয়াৰ নাম কেমেৰন পাৰ্ক এয়াৰপোৰ্ট আছিল যদিও পিছত ইয়াৰ নাম সলনি কৰি কেমেৰন পাৰ্ক এয়াৰপাৰ্ক কৰা হয়। এই চহৰখনৰ প্ৰতিটো পৰিয়ালৰ কোনোবা নহয় কোনোবাজন সদস্য এসময়ত বিমান চালক হিচাপে কৰ্মৰত আছিল। বিশ্বত এনে ধৰণৰ ফ্লাই ইন কমিউনিটীৰ সংখ্যা হৈছে মুঠ ৬৪০টা। ইয়াৰ ভিতৰত ৬১০ টাই বৰ্তমানে আমেৰিকাত অৱস্থিত আছে।

বিশ্বৰ আন আন চহৰত গাড়ী–মটৰ যিদৰে চলে এই চহৰত বিমান তেনেদৰেই চলাচল কৰে। চহৰখনৰ প্ৰতিজন নাগৰিকৰ ঘৰত গাড়ীৰ গেৰেজৰ দৰে বিমান ৰখাৰ হেংগাৰ আছে। আনকি চহৰখনৰ পথৰ নাম বোয়িং ৰোড। বিশ্বৰ আন আন প্ৰান্তত পুৰণি গাড়ীৰ প্ৰদৰ্শনীৰ দৰে এই চহৰত প্লেনৰ প্ৰদৰ্শনী হয় প্ৰতি বছৰে। চহৰখনত মুঠ ১২৪টা পৰিয়ালে বসবাস কৰে আৰু প্ৰতিটো পৰিয়ালৰে ব্যক্তিগত বিমান অৰ্থাৎ প্লেন আছে।
Published by: Sanjay Kumar Das
First published: September 20, 2021, 8:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি