এই শ্বপিং এৰাৰ পিছত বুজিব পাৰিলে যে তেওঁ প্ৰয়োজন নথকাকৈয়ে কিদৰে অনলাইন শ্বপিঙত আসক্ত আছিল। এতিয়ালৈ তেওঁ লাখ লাখ টকা এনেদৰে খৰচ কৰিছে।
এই শ্বপিং এৰাৰ পিছত বুজিব পাৰিলে যে তেওঁ প্ৰয়োজন নথকাকৈয়ে কিদৰে অনলাইন শ্বপিঙত আসক্ত আছিল। এতিয়ালৈ তেওঁ লাখ লাখ টকা এনেদৰে খৰচ কৰিছে।
ঘৰৰ বয়োজ্যেষ্ঠসকলে সকলো সময়তে পৰামৰ্শ দিয়ে যে কোনো বস্তু কিনাৰ সময়ত ঠাণ্ড মগজুৰে, চিন্তা–চৰ্চা কৰি কিনা উচিত। এনেকুৱা সামগ্ৰী কিনা উচিত যিটো আমাৰ প্ৰয়োজনীয় বা কোনো কামত লাগে। কিন্তু তৰুণ প্ৰজন্মই এই কথা একেবাৰে আওকাণ কৰি নিজৰ মতে অনলাইন শ্বপিং কৰে আৰু নিজৰ সঞ্চয়ৰ ধন, কষ্টোপাৰ্জিত টকা উৰুৱাই থাকে এমেজনত। এই কামেই কৰিছিল জেমা জৰ্ডনে। যেতিয়াই যি ইচ্ছা তেতিয়াই সেয়া কিনি পেলাইছিল। অনলাইন শ্বপিঙত নিচা আছিল জেমাৰ। শ্বপিঙৰ নিচাই তেওঁক সৰ্বস্বান্ত কৰি পেলাইছিল, এই শ্বপিং এৰাৰ পিছত বুজিব পাৰিলে যে তেওঁ প্ৰয়োজন নথকাকৈয়ে কিদৰে অনলাইন শ্বপিঙত আসক্ত আছিল। এতিয়ালৈ তেওঁ লাখ লাখ টকা এনেদৰে খৰচ কৰিছে।
৪০ বছৰীয়া জেমাই নিজৰ খৰচ কম কৰাৰ বাবে এটা এপ্লিকেচন (money management app) ডাউনলোড কৰে, তেতিয়া তেওঁ বুজিব পাৰিলে যে প্ৰতিমাহত তেওঁ কি পৰিমাণৰ অযথা খৰচ কৰিছিল। তেওঁ এই অযথা খৰচ অনলাইন শ্বপিঙত কৰিছিল। তেওঁ এবছৰ এমেজনত বস্তু কিনা বন্ধ কৰি ১৭,০০০ পাউণ্ডৰ ঋণ পৰিশোধ কৰে।
ইংলেণ্ডৰ শ্ৰীয়ুছবৰিৰ বাসিন্দা ২ সন্তানৰ মাতৃ জেমাই জানিব বিচাৰিছিল আচলতে টকা ক’ত খৰচ হৈছে। তেওঁ নিজৰ ১৭ হাজাৰ পাউণ্ড কিয় ধাৰ কৰিছিল। কিন্তু তেওঁ একোৱেই বুজিব পৰা নাছিল। সেয়ে খৰচ নিয়ন্ত্ৰণৰ বাবে তেওঁ নিজৰ ফোনত এটা মানি মেনেজমেণ্ট এপ ডাউনলোড কৰে। সেই এপটোৱে তেওঁৰ জ্ঞান চকু খোল খুৱালে। তেওঁ এমেজন শ্বপিং এডিক্টেড আছিল। প্ৰতি মাহে হাজাৰ হাজাৰ টকা উৰুৱাইছিল শ্বপিঙত।
মিৰৰত প্ৰকাশিত ৰিপ’ৰ্ট অনুসৰি, নিজৰ এই নিচাৰ কথা জনাৰ পিছত তেওঁ এমেজনত বস্তু কিনা বন্ধ কৰি দিয়ে। প্ৰায় ৬ মাহ অনলাইনত একোৱে অৰ্ডাৰ কৰা নাছিল। ইয়াৰ ফলত বহু টকা ৰাহি হৈছিল। ১১ মাহত ১৭ লাখ টকাৰ ঋণ পৰিশোধ কৰে জেমাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|