লণ্ডনত প্ৰিন্স চাৰ্লছক সাক্ষাৎ কৰিছিল নেকি কণিকা কাপুৰে? ছচিয়েল মিডিয়াত ভাইৰেল ফটোৰ সত্যতা কি?

News18 Assam | News18-Assam
Updated:March 25, 2020, 10:11 PM IST
লণ্ডনত প্ৰিন্স চাৰ্লছক সাক্ষাৎ কৰিছিল নেকি কণিকা কাপুৰে? ছচিয়েল মিডিয়াত ভাইৰেল ফটোৰ সত্যতা কি?
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোত প্ৰিন্স চাৰ্লছক দেখা গৈছে বলীউদৰ গায়িকা কণিকা কাপুৰৰ সৈতে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোত প্ৰিন্স চাৰ্লছক দেখা গৈছে বলীউদৰ গায়িকা কণিকা কাপুৰৰ সৈতে।

  • Share this:
ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথৰ জ্যেষ্ঠ পুত্ৰ প্ৰিন্স চাৰ্লছ আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। ক্লেৰেন্স হাউছৰ ফালৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত প্ৰিন্স চাৰ্লছ কোৰোণা পজিটিভ হোৱাৰ তথ্য সদৰি কৰা হৈছে। বিজ্ঞপ্তিত কোৱা হৈছে যে কোভিড–১৯ৰ লক্ষণ দেখাৰ পিছতে চাৰ্লছৰ পৰীক্ষা কৰোৱা হয় য’ত কোভিড–১৯ পজিটিভ ধৰা পৰে। কিন্তু ইয়াৰ মাজতে প্ৰিন্স চাৰ্লছ আৰু বলীউদৰ গায়িকা কণিকা কাপুৰৰ কিছু ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। কণিকা কাপুৰৰ দেহতো ধৰা পৰিছিল কোৰোণা পজিটিভ।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোত প্ৰিন্স চাৰ্লছক দেখা গৈছে বলীউদৰ গায়িকা কণিকা কাপুৰৰ সৈতে। একাংশ লোকে মন্তব্য কৰিছে যে প্ৰিন্স চাৰ্লছৰ কোৰোণা পজিটিভ পোৱাৰ বাবে দায়ী কণিকা কাপুৰ। ইফালে, আন একাংশই কৈছে যে প্ৰিন্স চাৰ্লছৰ পৰা এই মহামাৰী লৈ ভাৰতলৈ আহিছে কণিকা। কিয়নো কোৰোণা পজিটিভ পোৱাৰ পূৰ্বে লণ্ডনৰ পৰা উভতিছিল কণিকা কাপুৰ। এতিয়া প্ৰশ্ন উঠিছে যে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ফটোৰ সত্যতাক লৈ। এয়া সঁচা নে উৰা বাতৰি?



আচলতে, ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো এতিয়াৰ নহয়। এই ফটো ২০১৫ চনৰ। ডাচেছ অব কাৰ্ণিভেলৰ দ্বাৰা আয়োজিত এক চেৰিটী ফাংচনৰ ফটো এয়া, য’ত ভাগ লৈছিল কণিকা কাপুৰেও। সেই সময়তে প্ৰিন্স চাৰ্লছক সাক্ষাৎ কৰিছিল কণিকা কাপুৰে। যি ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
আৰু চাওক
পৰৱৰ্তী বাতৰি