চীনৰ য়ুহান লেবত ইবোলা, নিপাহ, ছাৰ্ছ আৰু আন ঘাতক ভাইৰাছৰ ওপৰত গৱেষণা কৰি থকা বিজ্ঞানীয়ে নিজৰ মাইক্ৰ’স্ক’পত এক আচৰিত ধৰণৰ ভাইৰাছ লক্ষ্য কৰিছিল।
চীনৰ য়ুহান লেবত ইবোলা, নিপাহ, ছাৰ্ছ আৰু আন ঘাতক ভাইৰাছৰ ওপৰত গৱেষণা কৰি থকা বিজ্ঞানীয়ে নিজৰ মাইক্ৰ’স্ক’পত এক আচৰিত ধৰণৰ ভাইৰাছ লক্ষ্য কৰিছিল।
সমগ্ৰ বিশ্বই এতিয়া যুঁজিছে কোৰোণা মহামাৰীৰ সৈতে। এই ভয়ংকৰ ভাইৰাছ ক’ৰ পৰা বিয়পিছিল সেয়া জনিবলৈ কেইবাখনো দেশৰ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ব্ৰিটেইন চৰকাৰে লাভ কৰা চোৰাংচোৱা সূত্ৰ অনুসৰি, কোৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰথমে চীনৰ পৰীক্ষাগাৰৰ পৰা জন্তুৰ দেহলৈ হৈছিল আৰু তাৰ পিছত ই মানৱ দেহলৈ সংক্ৰমিত হৈছিল। এতিয়া এই ভাইৰাছে বিশ্বজুৰি ঘাতকৰ ৰূপ লৈছে।
ৰিপ’ৰ্ট অনুসৰি, চীনৰ য়ুহান লেবত ইবোলা, নিপাহ, ছাৰ্ছ আৰু আন ঘাতক ভাইৰাছৰ ওপৰত গৱেষণা কৰি থকা বিজ্ঞানীয়ে নিজৰ মাইক্ৰ’স্ক’পত এক আচৰিত ধৰণৰ ভাইৰাছ লক্ষ্য কৰিছিল। মেডিকেল ইতিহাসত এনেধৰণৰ ভাইৰাছ কেতিয়াও দেখা যোৱা নাছিল। ইয়াৰ জেনেটিক ছিকুৱেঞ্চ ভালকৈ লক্ষ্য কৰাত জানিব পৰা গৈছিল যে এয়া বাদুলিৰ দেহত পোৱা ভাইৰাছৰ দৰেই হ’ব পাৰে। বিজ্ঞানীসকল আচৰিত হৈছিল কিয়নো এই ভাইৰাছ ছাৰ্ছ ভাইৰাছৰ সমপৰ্যায়ৰ যিয়ে ২০০২–২০০৩ চনত চীনত মহামাৰীৰ ৰূপ লৈছিল আৰু বিশ্বজুৰি ৭০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। সেই সময়তো এই কথা কোৱা হৈছিল যে ছাৰ্ছ সংক্ৰমিত লোকৰ হাচি–কাহৰ পৰা বিয়পে, কিন্তু তেতিয়া চীনে এই ভাইৰাছৰ কথা লুকুৱাই ৰাখিছিল।
ডেইলী মেইলৰ খবৰ অনুসৰি, যদিও বৰ্তমানলৈ কোৰোণা ভাইৰাছ চীনৰ য়ুহানৰ পশু বজাৰৰ পৰা মানুহৰ দেহলৈ বিয়পা বুলি কোৱা হৈছে, কিন্তু চীনৰ পৰীক্ষাগাৰৰ পৰা লিক হোৱা কথাও একেবাৰে নুই কৰিব নোৱাৰি। ৰিপ’ৰ্ট অনুসৰি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বোৰিছ জনছনে গঠন কৰা আপাতাকলীন কমিটীৰ এজন সদস্যই কয় যে চোৰাংচোৱা তথ্য অনুসৰি এই কথাত কোনো সন্দেহ নাই যে এই ভাইৰাছ জন্তুৰ দেহৰ পৰা বিয়পিছে। কিন্তু এই কথাও স্পষ্ট হৈ আহিছে যে য়ুহানৰ পৰীক্ষাগাৰ হৈয়ে এই ভাইৰাছ মানুহৰ দেহলৈ বিয়পা আৰম্ভ হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|