বেয়া খবৰ! চন্দ্ৰযান–২ৰ লেণ্ডাৰ ‘বিক্ৰম’ সুৰক্ষিত হৈ থকাৰ আশা একেবাৰে ক্ষীণ

News18
Updated:September 12, 2019, 8:53 AM IST
বেয়া খবৰ! চন্দ্ৰযান–২ৰ লেণ্ডাৰ ‘বিক্ৰম’ সুৰক্ষিত হৈ থকাৰ আশা একেবাৰে ক্ষীণ
বিজ্ঞানীসকলে অনুমান কৰিছিল যে লেণ্ডাৰ বিক্ৰমে ঘণ্টাত ৫মাইল বেগত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। কিন্তু ডপলাৰৰ পৰা লাভ কৰা ডাটাই সংকেত দিছে যে সেই সময়ত বিক্ৰমৰ গতি প্ৰতি ঘণ্টাত ১১০ মাইল আছিল। 

বিজ্ঞানীসকলে অনুমান কৰিছিল যে লেণ্ডাৰ বিক্ৰমে ঘণ্টাত ৫মাইল বেগত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। কিন্তু ডপলাৰৰ পৰা লাভ কৰা ডাটাই সংকেত দিছে যে সেই সময়ত বিক্ৰমৰ গতি প্ৰতি ঘণ্টাত ১১০ মাইল আছিল। 

  • News18
  • Last Updated: September 12, 2019, 8:53 AM IST
  • Share this:
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)–এ জনাইছিল যে শুকুৰবাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পিছতে সংযোগ বিচ্ছিন্ন হৈ পৰা মুন লেণ্ডাৰ বিক্ৰমক অৰ্বিটৰৰ সহায়ত বিচাৰি পোৱা গৈছে। ইয়াৰ ফলত আশা জাগিছিল যে ইয়াক হয়তো আকৌ এবাৰ থিয় কৰোৱাব পৰা যাব।

ISRO-এ টুইট কৰিছিল যে লেণ্ডাৰৰ সৈতে সম্পৰ্ক স্থাপনৰ প্ৰয়াস অব্যাহত আছে। এই বিবৃতিত ইয়াৰ পূৰ্বে প্ৰকাশিত ইছৰ’ৰ এগৰাকী বিষয়াই জনোৱা লেণ্ডাৰ বিক্ৰম সন্দৰ্ভত খবৰৰ পুষ্টি কৰা হোৱা নাছিল।

নাছাৰ ইনছাইট  (NASA's InSight) স্পেচক্ৰাফট যোৱা নৱেম্বৰ মাহত মঙল গ্ৰহত সফলতাপূৰ্বক লেণ্ড কৰোৱাৰ সময়ত লকহীড মাৰ্টিন টীমৰ মুৰব্বী মাৰ্ক জনছনে কৈছিল, সকলো ঠিকেই থাকিলেও আন এটা গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰাটো অত্যন্ত দুৰুহ কাম। ইয়াৰ মাজত খেলিমেলি হ’লে ঠিক কৰিব পৰা গ’লে সেয়া অদ্ভূত বুলিয়ে ক’ব লাগিব।

সকলোতকৈ কঠিন পৃষ্ঠত অৱতৰণ কৰোৱা

মিছনৰ বেছিভাগ চৰণত যদিহে স্পেচক্ৰাফটত কিবা খেলি মেলি হয় তেনেহ’লে তাক ‘চেফ ম’ডত’ পঠিয়াবলৈ প্ৰগামড কৰা থাকে। এনেকুৱা সময়তে ই নিজে নিজে বন্ধ হৈ যায় যাতে ডাঙৰ সমস্যা ভেঁটা দি পৃথিৱীৰ পৰা নতুন নিৰ্দেশৰ অপেক্ষা কৰিব পৰা যায়। কিন্তু লেণ্ডিঙৰ সময়ত হোৱা সমস্যাবোৰ ঠিক প্লেন এখনৰ পৰা জঁপিয়াই দিয়াৰ পিছত পেৰাচুটে কাম নকৰাৰ কথা গম পোৱাৰ দৰে হয়। ইউনিভাৰ্ছিটী অৱ কলৰাডোৰ কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড এপ্লাইড চাইন্সেজৰ ডীন ৰবাৰ্ট ডি ব্ৰাউনে কয় যে লেণ্ডিং মহাকাশৰ সন্ধানী অভিযানৰ আটাইতকৈ কঠিন অংগ। ব্ৰাউনে NASAৰ মিছনৰ সৈতে ৰোভাৰক চন্দ্ৰত অৱতৰণৰ কাম সম্পন্ন কৰিছে।

প্ৰত্যাশাতকৈ ২২গুণ অধিক গতি আছিল লেণ্ডাৰ বিক্ৰমৰ

ব্ৰাউনে বিক্ৰম লেণ্ডাৰৰ বিষয়ে কয় যে, লেণ্ডি সফল নহ’লেও এয়া এক মহান প্ৰথম প্ৰয়াস আছিল। আপুনি আগে পিছে বহুত বস্তু নেদেখাকৈ, ইমান ওচৰলৈ গৈ নাপায় আৰু ইয়ে পিছৰ বাৰ আপোনাক সহায় কৰিব।

সেইদৰে ডাচ ইন্সষ্টিটিউটৰ মহাকাশ যাত্ৰী চিচ বস্সা যি এই অভিযানৰ সৈতে জৰিত তেওঁ স্বীকাৰ কৰিছে ক’ৰবাত ভুল হৈছে। তেওঁ ডপ্লাৰ ডাটা অধ্যয়ন কৰি কয় যে, বিক্ৰমে ঘণ্টাত ৫মাইল বেগত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব লাগিছিল কিন্তু সেই সময়ত বিক্ৰমৰ গতি প্ৰতি ঘণ্টাত ১১০ মাইল আছিল।

ইছৰ’ই সফলতাপূৰ্বক কেবাটাও চৰণ সম্পূৰ্ণ কৰিছিল

চন্দ্ৰত ভাৰতৰ দ্বিতীয়টো মিছন চন্দ্ৰযান–২ৰ দুটা ভাগ আছিল, এটা অৰ্বিটৰ যিয়ে অৰ্বিটত থাকি সাত বছৰলৈকে ৰিচাৰ্ছ কৰিব আৰু আছিল বিক্ৰম নামৰ এটা লেণ্ডাৰ (য’ত ৰ’ভাৰ প্ৰজ্ঞানো আছিল)।

লেণ্ডাৰ আৰু অৰ্বিটৰ পৃথক হৈ যোৱাৰ পিছত অৰ্বিটৰক চন্দ্ৰৰ ৬০ মাইল ওপৰৰ কক্ষপথত সংস্থাপন কৰা হৈছিল কিন্তু লেণ্ডাৰ অৱতৰণৰ সময়তে খেলি মেলি হয়।

(কেনিথ চেঙে লিখা এই প্ৰতিবেদন নিউয়ৰ্ক টাইমছত প্ৰকাশিত হৈছে।)
আৰু চাওক
পৰৱৰ্তী বাতৰি