உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Tokyo Olympics: ইতিহাস ৰচিলে দীপিকা কুমাৰীয়ে, দীপিকা অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় আৰ্চাৰ...

    Tokyo Olympics: ইতিহাস ৰচিলে দীপিকা কুমাৰীয়ে, দীপিকা অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় আৰ্চাৰ...

    Photo-AP

    Photo-AP

    বিশ্বৰ এক নম্বৰ আৰ্চাৰ দীপিকা কুমাৰীয়ে (Deepika Kumari) এক ৰোমাঞ্চকৰ শ্বুট অফত ৰাছিয়ান অলিম্পিক কমিটিৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন চেনিয়া পেৰোভাক পৰাস্ত কৰি টকিঅ' অলিম্পিক (Tokyo Olympics)ৰ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

    • Share this:
    বিশ্বৰ এক নম্বৰ আৰ্চাৰ দীপিকা কুমাৰীয়ে (Deepika Kumari) এক ৰোমাঞ্চকৰ শ্বুট অফত ৰাছিয়ান অলিম্পিক কমিটিৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন চেনিয়া পেৰোভাক পৰাস্ত কৰি টকিঅ' অলিম্পিক (Tokyo Olympics)ৰ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পাঁচছেটৰ পিছত স্ক'ৰ ৫-৫ ত টাই হৈছিল। দীপিকাই চাপৰ ভাল সন্মুখীন হৈছিল আৰু শ্বুট-অফত নিখুঁত ১০ স্ক'ৰ কৰে আৰু ৰিঅ' অলিম্পিক দলৰ ৰূপৰ পদক বিজয়ীক পৰাস্ত কৰিছে।

    এদাল তীৰৰ শ্বুট অফত আৰম্ভ কৰি ৰাছিয়াৰ আৰ্চাৰজনে চাপৰ সন্মুখীন হয় আৰু মাত্ৰ সাত স্ক'ৰ কৰে আনহাতে দীপিকাই দহ স্ক'ৰ কৰি মেচখন ৬-৫ ত জিকে। তৃতীয়বাৰৰ বাবে অলিম্পিক খেলি থকা দীপিকা অলিম্পিক আৰ্চাৰী ইভেণ্টৰ অন্তিম আঠত উপনীত হোৱা প্ৰথম ভাৰতীয় আৰ্চাৰ হিচাপে পৰিগণিত হয়। এতিয়া তেওঁৰ পৰৱৰ্তী সংঘৰ্ষ আজি দিনৰ ১১:৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতীয় আৰ্চাৰ অতনু দাসেও প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। বৃহস্পতিবাৰে দ্বিতীয় ৰাউণ্ডৰ এক ৰোমাঞ্চকৰ যুঁজত দক্ষিণ কোৰিয়াৰ দুবাৰৰ অলিম্পিক চেম্পিয়ন অ' জিনহিয়াকক শ্বুট অফত পৰাস্ত কৰে অতনু দাসে।
    Published by:Kokil Sarma
    First published: