এইবাৰ গা উঠিল পকিস্তানৰ, ডিঙিলৈকে ধাৰত পোত খাই থকা চুবুৰীয়া পাকিস্তানে সামৰিক সাহায্য প্ৰদান কৰিলে ইউক্ৰেইনক। ভীষণ অৰ্থনৈতিক সংকটত ককবকাই থকা পাকিস্তানৰ এইবাৰ মন গ’ল যুদ্ধ বিধস্ত ইউক্ৰেইনক সামৰিক সাহায্য প্ৰদান কৰিবলৈ (Pakistan provides aid to Ukraine)।
পাকিস্তানৰ পৰম বন্ধু চীনে ৰাছিয়াৰে বন্ধুত্ব সুদৃঢ় কৰাৰ সময়তে পাকিস্তানৰ এই পদক্ষেপে অৱতাৰণা কৰিছে বহুকেইটা প্ৰশ্নৰ। আমেৰিকাৰ পৰা অৰ্থৰ আশাত পাকিস্তানৰ এই পদক্ষেপ নেকি?
পকিস্তানে ৪৪খন T-80UD টেংক প্ৰেৰণ কৰিছে ইউক্ৰেইনলৈ। পাকিস্তানৰ পৰা পোলেণ্ডৰ ৰাস্তাৰে ইউক্ৰেইনলৈ গৈছে আন যুদ্ধ সামগ্ৰী। ইউক্ৰেইন পাইছেগৈ পাকিস্তানী projectile, propelling bag chargers, Primers আদি।
পাকিস্তানে যদিও টেংক যোগানৰ কথা ৰাজহুৱা কৰা নাই, দুই দেশৰ মাজত ১৯৯১ চনৰ পৰাই কিন্তু চলি আছে সামৰিক সম্বন্ধ। যোৱাবছৰ যুদ্ধজৰ্জৰ ইউক্ৰেইনে পাকিস্তানৰ সৈতে ১.৬ বিলিয়ন ডলাৰৰ যুদ্ধসামগ্ৰী যোগানৰ চুক্তি স্বাক্ষৰ কৰিছে।
অতিৰিক্ত ভূখণ্ডৰ লালসাত ভাৰতক তিনিবাৰকৈ আক্ৰমণ কৰা পাকিস্তানে এইবাৰ ৰাছিয়াৰ আগ্ৰাসন প্ৰতিহত কৰাত হাত উজান দিছে। ইউৰোপ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰক ইউক্ৰেইনলৈ সামৰিক সাহায্য প্ৰদান কৰিবলৈ আকাশমাৰ্গ আৰু জলপথ প্ৰদান কৰিছে পাকিস্তানে। ধাৰণা কৰা হৈছে IMF আৰু মাৰ্কিন আৰ্থিক সাহায্যৰ আশাত পাকিস্তানৰ এই পদক্ষেপ।
এতিয়া প্ৰশ্ন হয় চীনে পাকিস্তানৰ হাত এৰিলে নেকি? পাকিস্তানত চীনে বহুকেইটা আন্তঃগাঁথনিৰ কাম বন্ধ ৰাখিছে। অৰ্থসাহায্য পাক সেনাই হস্তগত কৰাত ক্ষোভিত চীন। উপায় নাপায় পাকিস্তানে ইউক্ৰেইনক অস্ত্ৰসাহায্য প্ৰদানৰ বিপৰীতে পশ্চিমৰ পৰা অৰ্থ সাহায্য আদায় কৰাৰ পৰিকল্পনা কৰিছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 22, 2023, 18:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।