পাকিস্তানত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, মৃতকৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি

পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে কয় যে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে ৰে’লখনত সংঘটিত হয় অগ্নিকাণ্ড।

News18-Assam
Updated:October 31, 2019, 11:26 AM IST
পাকিস্তানত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, মৃতকৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি
পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে কয় যে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে ৰে’লখনত সংঘটিত হয় অগ্নিকাণ্ড।
News18-Assam
Updated: October 31, 2019, 11:26 AM IST
পাকিস্তানত চলন্ত ৰে’লত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি পাইছে। আন ৪০জনতকৈ অধিক যাত্ৰী অগ্নিদগ্ধ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। কৰাচী–ৰাৱালপিণ্ডি তেজগাম এক্সপ্ৰেছত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ৰে’লখনে পুৱা ৰহিম য়াৰ খান ৰে’লৱে ষ্টেচনৰ সমীপৰ লিয়াকতপুৰ পোৱাৰ সময়তে এটা ডবাত জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে ৰে’লখনত বিয়পি পৰে জুই। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত ৰে’লখনৰ অধিকাংশ যাত্ৰী শুই আছিল।

এই অগ্নিকাণ্ডত ৰে’লখনৰ তিনিটা ডবা ভস্মীভূত হয়। হঠাৎ জুয়ে ভয়ংকৰ ৰূপ লোৱাত ডবাৰ ভিতৰতে আবদ্ধ হৈ মৃত্যুমুখত পৰে যাত্ৰীসকল। একাংশ যাত্ৰীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে ৰে’লৰ পৰা জঁপিওৱাৰ ফলতো আহত হয়।



‘ডন’ৰ খবৰ অনুসৰি, পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে কয় যে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে ৰে’লখনত সংঘটিত হয় অগ্নিকাণ্ড। বৰ্তমান উক্ত ৰে’লপথটোৰে চলিবলগীয়া সকলো ৰে’লৰ পথ সলনি কৰা হৈছে। ক্ষতিগ্ৰস্ত ৰে’লপথছোৱা অতি শীঘ্ৰে মেৰামতি কৰা হ’ব বুলিও জনায় ৰে’ল মন্ত্ৰীগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি