কিশোৰীক জীৱন্তে জ্বলাই দিয়া ১৬ জনক মৃত্যুদণ্ড

২০১৯ চনৰ ৬ এপ্ৰিলত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।

News18-Assam
Updated:October 25, 2019, 9:42 AM IST
কিশোৰীক জীৱন্তে জ্বলাই দিয়া ১৬ জনক মৃত্যুদণ্ড
২০১৯ চনৰ ৬ এপ্ৰিলত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।
News18-Assam
Updated: October 25, 2019, 9:42 AM IST
বাংলাদেশৰ এখন আদালতে এপ্ৰিলত মাহত এগৰাকী ১৮ বছৰীয়া ছাত্ৰীক জীৱন্তে জ্বলাই দিয়াৰ গোচৰত ১৬ জন অভিযুক্তক মৃত্যুদণ্ড বিহে। বৃহস্পতিবাৰে আদালতে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়। ছাত্ৰীক জীৱন্তে জ্বলাই দিয়া ঘটনাৰ বিৰুদ্ধে দেশজুৰি হৈছিল ব্যাপক প্ৰতিবাদ। এখন মাদ্ৰাছাৰ মৌলানাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠাই ল’বলৈ অস্বীকাৰ কৰাৰ বাবে কেৰাচিন ঢালি জ্বলাই দিয়া হৈছিল ছাত্ৰীগৰাকীক।

২০১৯ চনৰ ৬ এপ্ৰিলত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড। বাংলাদেশৰ এখন সৰু চহৰৰ বাসিন্দা ছাত্ৰীগৰাকীয়ে নিজে পঢ়া মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰধান শিক্ষকগৰাকীয়ে এই অভিযোগ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰিছিল যদিও ছাত্ৰীগৰাকীয়ে উঠাই লোৱা নাছিল। তাৰ পিছতে পৰিকল্পিতভাৱে জ্বলাই হত্যা কৰা হৈছিল ছাত্ৰীগৰাকীক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি