কোৰোণাত আক্ৰান্ত হৈ মৃত্যু ডাউদ ইব্ৰাহিমৰ! ভাতৃয়ে ক’লে...

News18 Assam | News18-Assam
Updated:June 6, 2020, 1:10 PM IST
কোৰোণাত আক্ৰান্ত হৈ মৃত্যু ডাউদ ইব্ৰাহিমৰ! ভাতৃয়ে ক’লে...
ফাইল ফটো

মষ্ট ৱাণ্টেড আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ সংবাদমাধ্যমত। অৱশ্যে এই পৰ্যন্ত নিশ্চিত হোৱা নাই তথ্য। 

  • Share this:
আকৌ এবাৰ মষ্ট ৱাণ্টেড আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমক লৈ চৰ্চা তুংগত! এইবাৰ কোৰোণাত আক্ৰান্ত হৈ ডাউদৰ মৃত্যু হোৱাৰ সজোৰে দাবী। অৱশ্যে এই পৰ্যন্ত এই দাবী নিশ্চিত হোৱা নাই। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ডাউদৰ মৃত্যুৰ তথ্য। উল্লেখযোগ্য যে, শুকুৰবাৰে ডাউদ ইব্ৰাহিম আৰু তেওঁৰ পত্নী মেহজবিন কোভিড১৯ত আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত হৈছিল। কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশৰ লগতে কৰাচীৰ এখন সামৰিক হাস্পতালত দুয়োকে ভৰ্তি কৰোৱাৰ কথা প্ৰকাশ পাইছিল।

পাকিস্তানত কোৰোণাৰ সংহাৰ অব্যাহত থকাৰ মাজতে দেশখনত আত্মগোপন কৰি থকা আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিম কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ হৈছিল। অৱশ্যে ডাউদ আৰু পত্নী কোৰোণাত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হোৱাৰ তথ্য অস্বীকাৰ কৰিছে ডাউদৰ ভাতৃ অনীচ ইব্ৰাহিমে। অনীচৰ মতে, তেওঁৰ ভাতৃ সপৰিয়ালে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। উল্লেখ্য যে, অনীচে এতিয়া জ্যেষ্ঠ ভাতৃ ডাউদৰ ‘ডি’ কোম্পানী পৰিচালনা কৰে।

উল্লেখ্য যে, ১৯৯৩চনৰ মুম্বাইৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ডাউদ ইব্ৰাহিমৰ পৰিয়ালৰ বিষয়ে বহু কম মানুহেই জানে। তেওঁৰ পৰিয়ালে সদায় এক গোপন জীৱন যাপন কৰি আহিছে। ডাউদৰ পত্নীৰ নাম মেহজবিন ওৰফে জুবিনা জৰিন। তেওঁলোকৰ চাৰিটা সন্তান, তিনিজনী কন্যা মাহৰুখ, মাহৰিন, মাৰিয়া আৰু পুত্ৰ মইন।
First published: June 6, 2020, 1:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading