• Home
  • »
  • News
  • »
  • world
  • »
  • পিতৃ হত্যাৰ প্ৰতিশোধ! মাতৃক ফাঁচী দিলে নিজ কন্যাই

পিতৃ হত্যাৰ প্ৰতিশোধ! মাতৃক ফাঁচী দিলে নিজ কন্যাই

১৩ বছৰ আগতে ককাদেউতাকৰ সৈতে মিলি পিতৃক হত্যা কৰিছিল মাতৃয়ে

১৩ বছৰ আগতে ককাদেউতাকৰ সৈতে মিলি পিতৃক হত্যা কৰিছিল মাতৃয়ে

১৩ বছৰ আগতে ককাদেউতাকৰ সৈতে মিলি পিতৃক হত্যা কৰিছিল মাতৃয়ে

  • Share this:
এগৰাকী মহিলাক তেওঁৰ নিজৰ জীয়েকে ফাঁচী দিয়াৰ এক ঘটনা সংঘটিত হৈছে। মৃত্যুদণ্ড প্ৰাপ্ত মহিলাগৰাকীৰ নাম মাৰিয়াম কৰিমি। মাৰিয়ামে ১৩ বছৰ আগতে তেওঁৰ স্বামীক হত্যা কৰিছিল। মৰিয়ামৰ দেউতাকেও হত্যাত সহায় কৰিছিল। তেওঁকো ফাঁচী দিয়াৰ নিৰ্দেশ দিয়া হৈছিল, কিন্তু আগতেই তেওঁৰ মৃত্যু হৈছিল। ঘটনাটো ইৰাণৰ। ইৰাণৰ এগৰাকী মহিলাই তেঁওৰ স্বামীক পিতৃৰ সৈতে লগ হৈ ১৩ বছৰ আগতে হত্যা কৰিছিল। এই ঘটনা সংঘটিত হোৱাৰ ১৩ বছৰ পিছত ইৰাণী আদালতে কন্যাৰ হতুৱাই তেঁওক ফাঁচী দিয়াৰ নিৰ্দেশ দিয়ে।

মাকক ফাঁচী দিয়া ছোৱালীজনীয়ে ১৩ বছৰ ধৰি নাজানিছিল যে তাইৰ মাক দেউতাক আছে নে নাই। তাই ৬ বছৰ বয়সৰ পৰাই তাইৰ ককা-আইতাৰ সৈতে বাস কৰিছিল। তাইৰ ককা-আইতাই তাইক কেতিয়াও তাইৰ মাক দেউতাকৰ বিষয়ে কোৱা নাছিল। ইৰাণত হত্যাৰ শাস্তি অতি কঠোৰ। ইয়াৰ বাবে বহুপ্ৰকাৰৰ আইন আছে। বহুতো মানৱ অধিকাৰ সংগঠনে এই আইনসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে যদিও চৰকাৰে সেইবোৰ নিষিদ্ধ কৰিবলৈ মান্তি হোৱা নাই।

জানিব পৰা মতে, ফাঁচী দিয়াৰ পূৰ্বে বহু বছৰ মাৰিয়ামক ইৰাণৰ ৰাচত কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। এই ঘটনাৰ পিছতে ইৰাণী আইনৰ বিৰুদ্ধে পুনৰ মানৱ অধিকাৰ সংগঠনসমূহ সৰৱ হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি