বোমাৰ শব্দত ভয় নাখাবলৈ শিশু কন্যাক হহুঁৱাই থকা এজন পিতৃ! আপোনাক অস্থিৰ কৰি দিব পৰা এটা VIDEO!

News18 Assam | News18-Assam
Updated:February 19, 2020, 2:52 PM IST
বোমাৰ শব্দত ভয় নাখাবলৈ শিশু কন্যাক হহুঁৱাই থকা এজন পিতৃ! আপোনাক অস্থিৰ কৰি দিব পৰা এটা VIDEO!
বোমাৰ শব্দত যাতে শিশু কন্যাই ভয় নাখায় তাৰ কাৰণে পিতৃয়ে কন্যাক হহুঁৱাই থকা এটা ভিডিওই আপোনাক অস্থিৰ কৰি তুলিব। 

বোমাৰ শব্দত যাতে শিশু কন্যাই ভয় নাখায় তাৰ কাৰণে পিতৃয়ে কন্যাক হহুঁৱাই থকা এটা ভিডিওই আপোনাক অস্থিৰ কৰি তুলিব। 

  • Share this:
চিৰিয়াঃ ভিডিওটোত শুনিবলৈ পোৱা গৈছে অহৰহ বোমা বিস্ফোৰণৰ শব্দ। তাৰ মাজতে কন্যা শিশুৰ সৈতে পিতৃয়ে নিৰ্মাণ কৰিছে এটা ভিডিও। বোমাৰ শব্দৰ মাজত যাতে কন্যাই ভয় নাখায় তাৰ কাৰণে পিতৃয়ে কন্যাক হহুঁৱাই আছে যাৰ কাৰণে বোমা ফুটাৰ লগে লগে শিশু কন্যাগৰাকীয়ে জোৰে জোৰে হাঁহিবলৈ লয়।

চিৰিয়াত অহৰহ হৈ থকা আক্ৰমণৰ কাৰণে এতিয়ালৈ কমেও ৯লাখ লোকে নিজৰ ঘৰ–দুৱাৰ এৰিবলৈ বাধ্য হৈছে। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিওই সংবেদনশীল মানুহক স্পৰ্শ কৰি গৈছে আৰু ভাবিবলৈ বাধ্য কৰিছে আমি আচলতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি পৃথিৱী গঢ়িছো।

অভিনেতা জিছান আয়ুবে ছচিয়েল মিডিয়াত আপলোড কৰা এই ভিডিও তীব্ৰ গতিৰে ভাইৰেল হৈছে। এই ভিডিওত বোমা বিস্ফোৰণৰ মাজত এজন পিতৃয়ে (মহম্মদ আব্দুল্লাই) নিজৰ ৪বছৰীয়া কন্যা (ছেলভা)ক হহুঁৱাই থকা দেখিবলৈ পোৱা গৈছে। এই ভিডিওটো শ্বেয়াৰ কৰি জিছানে লিখিছে, এইটো সকলোতকৈ অস্থিৰ কৰি দিয়া ভিডিও।




 

স্কাই নিউজ ইউকেৰ সৈতে কথা পাতি পিতৃ আব্দুল্লাই কয়, মই এইধৰণৰ খেলৰ জৰিয়তে মনোবৈজ্ঞানিক ৰূপত মোৰ ছোৱালীজনীক সাহস দিবলৈ চেষ্টা কৰিছিলো। মই চেষ্টা কৰিছিলো যাতে মোৰ ছোৱালীজনীয়ে বোমা বিস্ফোৰণৰ ফলত ভয় নাখায়। শিশুৱে যুদ্ধ বুজি নাপায়। যদি তাইক এনেকৈ হাঁহি নুঠাও তাইৰ মনত ভয় বহি যাব।
আৰু চাওক
পৰৱৰ্তী বাতৰি