হিন্দু হোৱা বাবেই পাকিস্তানৰ খেলুৱৈয়ে মোক ভাল পোৱা নাছিল, ক’লে এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

News18 Assam | News18-Assam
Updated:December 27, 2019, 9:00 AM IST
হিন্দু হোৱা বাবেই পাকিস্তানৰ খেলুৱৈয়ে মোক ভাল পোৱা নাছিল, ক’লে এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে
নিজৰ মোমায়েক অনিল দলপতৰ পিছত পাকিস্তান দলৰ হৈ খেলা দ্বিতীয়গৰাকী হিন্দু খেলুৱৈ কানেৰিয়া।

নিজৰ মোমায়েক অনিল দলপতৰ পিছত পাকিস্তান দলৰ হৈ খেলা দ্বিতীয়গৰাকী হিন্দু খেলুৱৈ কানেৰিয়া।

  • Share this:
পাকিস্তানী ক্ৰিকেটাৰ দানিশ কানেৰিয়াই ছোৱেইব আখতাৰৰ সেই মন্তব্যক সমৰ্থন কৰে য’ত আখতাৰে কৈছিল যে হিন্দু হোৱা বাবেই পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈয়ে কানেৰিয়াৰ সৈতে ভেদভাৱ কৰিছিল। ANIৰ আগত দানিশ কানেৰিয়াই কয় যে আখতাৰে সঁচা কথাই কৈছে। মই সেইসকল খেলুৱৈৰ নাম উল্লেখ কৰিম যিসকলে হিন্দু হোৱা বাবে মোৰ সৈতে কথা পাতিবলৈ ভাল পোৱা নাছিল। এই বিষয়ে ক’বলৈ মোৰ সাহস হোৱা নাছিল, কিন্তু এতিয়া মই ক’ম।

উল্লেখযোগ্য যে প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে অভিযোগ কৰিছিল যে তেওঁৰ সতীৰ্থ খেলুৱৈ দানিশ কানেৰিয়াৰ সৈতে একাংশ পাকিস্তানী ক্ৰিকেটাৰে পক্ষপাতমূলক আচৰণ কৰিছিল আৰু তেওঁৰ সৈতে খাদ্যও গ্ৰহণ কৰা নাছিল কাৰণ তেওঁ হিন্দু।

নিজৰ মোমায়েক অনিল দলপতৰ পিছত পাকিস্তান দলৰ হৈ খেলা দ্বিতীয়গৰাকী হিন্দু খেলুৱৈ কানেৰিয়া। পাকিস্তানৰ হৈ ৬১খন টেষ্টত ২৬১টা উইকেট লৈছিল কানেৰিয়াই। কানেৰিয়াক ২০০৯ চনত স্পট ফিক্সিঙত অভিযুক্ত কৰা হৈছিল।

পিটিভি স্প’ৰ্টছৰ এক অনুষ্ঠানত আখতাৰে কৈছিল – মোৰ কেৰিয়াৰত মই দলৰ ২–৩ গৰাকী খেলুৱৈৰ সৈতে কাজিয়াও কৰিছো। কোন কৰাচীৰ পৰা আহিছে, কোন পঞ্জাবৰ পৰা আহিছে, এনেকুৱা ধৰণৰ কথা হৈছিল দলত। কোনোবাজন হিন্দু হ’ল তাত কি আপত্তি, তেওঁ দলৰ বাবে ভাল খেলি আছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি