• Home
  • »
  • News
  • »
  • world
  • »
  • বিক্ৰী কৰিবলৈ অনা গাখীৰ বাথটাবত ঢালি স্নান কৰিলে দুজন যুৱকে, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

বিক্ৰী কৰিবলৈ অনা গাখীৰ বাথটাবত ঢালি স্নান কৰিলে দুজন যুৱকে, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

সংঘটিত হৈছে এক আজৱ ঘোষণা। বাথটাবত গাখীৰ ঢালি গা ধুই গ্ৰেপ্তাৰ হ’ল দুজন যুৱক।

সংঘটিত হৈছে এক আজৱ ঘোষণা। বাথটাবত গাখীৰ ঢালি গা ধুই গ্ৰেপ্তাৰ হ’ল দুজন যুৱক।

সংঘটিত হৈছে এক আজৱ ঘোষণা। বাথটাবত গাখীৰ ঢালি গা ধুই গ্ৰেপ্তাৰ হ’ল দুজন যুৱক।

  • Share this:
সংঘটিত হৈছে এক আজৱ ঘোষণা। বাথটাবত গাখীৰ ঢালি গা ধুই গ্ৰেপ্তাৰ হ’ল দুজন যুৱক। ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে দুয়োজন যুৱকৰ বিৰুদ্ধে।

আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে, তুৰস্কৰ কোনয়াৰ এখন ডায়েৰী ফাৰ্মৰ কৰ্মচাৰী আছিল দুয়োজন যুৱক। কিন্তু যুৱক দুজনে ৰাইজক বিক্ৰীৰ বাবে ৰখা গাখীৰ বাথটাবত ঢালি স্নান কৰে।  আনকি গা ধুৱা ভিডিঅ’ ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াতো আপলোড কৰে। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন যুৱককে।

উল্লেখযোগ্য যে, ছচিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত স্বাস্থ্য সুৰক্ষাজনিত বিষয় হিচাপে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী তোলে স্থানীয় লোকে। কাৰণ উক্ত ফাৰ্মৰ পৰা বহুলোকে গাখীৰ ক্ৰয় কৰে। ইয়াৰ পিছতে বিষয়তো আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে।

ইফালে দেশখনৰ কৃষি আৰু বন মন্ত্ৰণালয়ে সাধাৰণ লোকৰ স্বাস্থ্যৰ কথা লক্ষ্য ৰাখি উক্ত ডায়েৰী ফাৰ্মখনো বন্ধ কৰি দিছে।
Published by:Himangshu Bhuyan
First published: