ভৱিষ্যতে বিস্ফোৰক পদাৰ্থৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত স্নিফাৰ ডগৰ স্থান ল’ব পাৰে কাকতি ফৰিঙে। কাৰণ কাকতি ফৰিঙৰ আছে এটা বিশেষ গুণ। এই ফৰিঙ বিধে বিভিন্ন প্ৰকাৰৰ বিস্ফোৰক পদাৰ্থ গোন্ধলৈ চিনাক্ত কৰিব পাৰে। চাইবৰ্গ কাকতি ফৰিঙক বোমা চিনাক্তকৰণত ব্যৱহাৰ কৰাকলৈ এতিয়া ব্যস্ত হৈ পৰিছে বিজ্ঞানীসকল।
বিজ্ঞানীসকলে নিৰ্মাণ কৰিব পৰা যিকোনো সামগ্ৰীতকৈ কাকতি ফৰিঙৰ ঘ্ৰাণশক্তি অত্যন্ত বেছি। কাৰণ এই ফৰিঙসমূহৰ এণ্টিনাডালত ৫০ হাজাৰতকৈয়ো অধিক গোন্ধ লবৰ বাবে চেঞ্চৰ থাকে। সেয়েহে মিলি ছেকেণ্ডৰ ভিতৰতে কাকতি ফৰিঙে নতুন গোন্ধৰ উমান ল’ব পাৰে।
শেহতীয়াকৈ বিজ্ঞানীৰ এটা দলে কাকতি ফৰিঙৰ ঘ্ৰাণশক্তিৰ বাবে ব্যৱহৃত স্নায়ুতন্ত্ৰটো (Olfactory system ) হাইজেক কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াক গোন্ধৰ পৰা ভিন ভিন বিস্ফোৰক পদাৰ্থ চিনাক্ত কৰাৰ লগতে এইসমূহৰ মাজত থকা পাৰ্থক্য বিচাৰি উলিয়াবলৈ ব্যৱহাৰ কৰা হৈছে । এই প্ৰণালীয়ে মিলিচেকেণ্ডৰ ভিতৰতে দিছে সুফল। বিজ্ঞানীসকলে ইতিমধ্যে বায়'ৰবটিক ছেনচিঙ চিষ্টেমৰ বিকাশ ঘটাবলৈ সক্ষম হৈছে। এই চিষ্টেমক পূৰ্বে ডিজাইন কৰা হৈছিল কাকতি ফৰিঙৰ "ফায়াৰিঙ নিউৰণ"সমূহ বিচাৰি উলিয়াবলৈ। এই চিষ্টেমটোৰে এতিয়া কাকতি ফৰিঙে নিজৰ চেঞ্চৰসমূহৰ জৰিয়তে অনুভৱ কৰা গোন্ধৰ তথ্যসমূহ বিজ্ঞানীসকলক যোগান ধৰিব।
ইয়াৰ পূৰ্বৰ গৱেষণাত এইটো প্ৰমাণ হৈছে যে, কাকতি ফৰিঙক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ আৰু ইয়াৰ মগজুৰ তথ্য পঢ়িব পৰা যায়। এই সফলতাৰ আঁত ধৰিয়েই বিজ্ঞানীসকল এই পতঙ্গ বিধে কিহৰ গোন্ধ লৈছে সেই তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে।
কাকতি ফৰিঙসমূহৰ দৃষ্টিৰে বিস্ফোৰক পদাৰ্থসমূহৰ প্ৰকৃতিৰ সৈতে বিশেষ কোনো গুৰুত্ব প্ৰদান কৰিব পৰাকৈ সম্পৰ্ক নাথাকে। গতিকে বিজ্ঞানীসকল কাকতি ফৰিঙে বিস্ফোৰক পদাৰ্থৰ গোন্ধ লৈ ইয়াক চিনাক্ত কৰিব পাৰিবনে নাই সেই সম্পৰ্কে নিশ্চিত নাছিল। কিন্তু বিজ্ঞানীসকলে দেখিলে যে, কাকতি ফৰিঙৰ ঘ্ৰাণশক্তিৰ বাবে ব্যৱহৃত স্নায়ুতন্ত্ৰটোৰ (Olfactory System) তথ্যসমূহ বুজিব পৰাকৈ লজিকেল অপাৰেচনলৈ পৰিৱৰ্তন কৰাটো সম্ভৱ।
ইয়াৰ পিছত তেওঁলোকে বিভিন্ন পৰিস্থিতিত কাকতি ফৰিঙে লোৱা গোন্ধসমূহৰ তথ্য বিশ্লেষণ কৰি চালে। আৰু তেতিয়া দেখা গৈছে যে, বিস্ফোৰকৰ ধোঁৱাৰ মাজত ৰাখিলে কাকতি ফৰিঙবোৰৰ পৰা এটা নিৰ্দিষ্ট পেটাৰ্ণ লাভ কৰা যায়। টি এন টি , ডি এন টি , আৰ ডি এক্স , পি ই টি এন , এমনিয়াম নাইট্ৰেটৰ দৰে ভয়ানক বিস্ফোৰকসমূহৰ ক্ষেত্ৰত এই পৰিঘটনা দেখা পোৱা গৈছে।
গৱেষণাৰ পৰৱৰ্তী পৰ্যায়ত বিজ্ঞানীসকলে আন এটা পৰীক্ষা কৰে। বিস্ফোৰকৰ ধোঁৱাৰে পৰিপূৰ্ণ এটা বাকচৰ ভিতৰত এখন ক্ষুদ্ৰ গাড়ীত এটা কাকতি ফৰিঙক ঘূৰাই ফুৰোৱা হয়। আৰু এই অৱস্থাত ই পৃথক পৃথক ব্ৰেইন চিগনেল প্ৰেৰণ কৰা পৰিলক্ষিত হয়। এই ব্ৰেইন চিগনেলসমূহ ধোঁৱাৰ ঘনত্ব অনুযায়ী ভিন ভিন হয়।
গৱেষকসকলে কাকতি ফৰিঙৰ মগজুত সৃষ্টি হোৱা এই প্ৰতিক্ৰিয়াসমূহ সংগ্ৰহ কৰিবলৈ ইলেক্ট্ৰড সংস্থাপিত কৰে। মাত্ৰ ৫০০ মিলিচেকেণ্ডৰ ভিতৰতে স্নায়ুসমূহৰ প্ৰতিক্ৰিয়াৰ ভিত্তিত এই গোন্ধৰ ওপৰত এটা নিৰ্দিষ্ট আৰু স্পষ্ট পেটাৰ্ণ লাভ কৰিবলৈ সক্ষম হয় বিজ্ঞানীসকল।
বিভিন্ন দেশৰ সেনাবাহিনীসমূহে দুৰ্গম অঞ্চলত সংস্থাপিত কৰা বোমাৰ সন্ধান কৰিবলৈ সহজ উপায় সন্ধান কৰি আহিছে। আৰু এই ক্ষেত্ৰত স্নিফাৰ ডগৰ বিকল্পৰ সন্ধানত আছে। ভৱিষ্যতে কাকতি ফৰিঙ ইয়াৰ বিকল্প হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|