পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অপমানিত পাকিস্তান, কাশ্মীৰ প্ৰসংগক লৈ চলি থকা ইণ্টাৰনেচনেল অনলাইন মিটিঙত হেকাৰে বজাই দিলে ‘জয় শ্ৰীৰাম’

News18 Assam | News18-Assam
Updated:October 29, 2020, 4:47 PM IST
পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অপমানিত পাকিস্তান, কাশ্মীৰ প্ৰসংগক লৈ চলি থকা ইণ্টাৰনেচনেল অনলাইন মিটিঙত হেকাৰে বজাই দিলে ‘জয় শ্ৰীৰাম’
এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও হেকাৰে পাকিস্তানৰ ওপৰত কৰিছিল ডিজিটেল ষ্ট্রাইক।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও হেকাৰে পাকিস্তানৰ ওপৰত কৰিছিল ডিজিটেল ষ্ট্রাইক।

  • Share this:
আকৌ এবাৰ আন্তঃৰাষ্ট্রীয় পৰ্যায়ত পাকিস্তানক অপমান। পাকিস্তানে অনুচ্ছেদ ৩৭০ প্ৰসংগক লৈ এক আন্তঃৰাষ্ট্ৰীয় ছেমিনায়ৰ আয়োজন কৰিছিল, য’ত ভাৰতীয় হেকাৰে বজাই দিলে জয় শ্ৰীৰাম। এই কাৰ্যত থতমত খালে পাকিস্তানৰ সমৰ্থক।

অনুচ্ছেদ ৩৭০ৰ প্ৰসংগত পাকিস্তানে পুনৰ এবাৰ বিশ্বৰ সন্মুখত অপমানিত হ’বলগীয়া হ’ল। ইয়াৰ বাবে বুধবাৰে এক ৱেবিনাৰৰ আয়োজন কৰা হৈছিল। কিন্তু ভাৰ্ছুৱেল বেৱিনাৰ আৰম্ভ হোৱাৰ লগে লগে এন্ট্ৰী ঘটিল শ্ৰীৰামৰ আৰু বাজিবলৈ ধৰিলে জয় শ্ৰী ৰাম ধ্বনি।

জুম এপত চলি থকা এই বৈঠকত জয় শ্ৰীৰাম ধ্বনি বাজিবলৈ ধৰাৰ লগে লগে আচৰিত হৈ পৰে। কিয়নো তেওঁলোকে বুজিব পৰা নাছিল কোনে বজাই আছে এই গান। এই ঘটনা পাকিস্তানী অতিথিয়ে বুজিব পৰা আগতেই এইবাৰ বাজি উঠিল হনুমান বন্দনা।

প্ৰথমে ৰাম আৰু তাৰ পিছত হনুমান বন্দনা শুনি মিটিঙত বহি থকা পাকিস্তানী বুদ্ধিজীৱী যেতিয়া বেয়াকৈ অপমানিত হ’ল তেতিয়া তেওঁলোকে বুজিব পাৰিলে যে ঘটনাটো আচলতে কি হৈছে। আছলতে এই ৱেবিনাৰখনত চাইবাৰ এটেক হৈছিল আৰু হেকাৰে দাবী কৰিছিল যে তেওঁ ভাৰতীয়। হেকাৰৰ ফালৰ পৰা কোৱা হয় যে ‘‘আমি ভাৰতীয়। আমি তোমালোকক কন্দুৱাই থাকিম।’’

পাকিস্তানী অতিথিয়ে চেষ্টা কৰিছিল যে যিকোনো প্ৰকাৰে ৱেবিনাৰ সমাপ্ত কৰা হওক, কিন্তু হেকাৰে সেয়া হ’বলৈ নিদিলে। এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও হেকাৰে পাকিস্তানৰ ওপৰত কৰিছিল ডিজিটেল ষ্ট্রাইক। ইয়াৰ পূৰ্বে এই বছৰৰ ২ আগষ্টত ডন টিভিত চাইবাৰ এটেক হৈছিল আৰু ১৫ ছেকেণ্ডলৈ টিভি স্ক্ৰীণত ত্ৰিৰংগা উৰি আছিল।
Published by: Sanjay Kumar Das
First published: October 29, 2020, 4:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading