২০০৩ চনৰ পৰা ৬ বছৰ মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলিছিল ৰোনাল্ডোৱে। ১২ বছৰ পিছত পুনৰ মানচেষ্টাৰ ইউনাইটেডলৈ উভতি আহিছে ৰোনাল্ডো।
২০০৩ চনৰ পৰা ৬ বছৰ মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলিছিল ৰোনাল্ডোৱে। ১২ বছৰ পিছত পুনৰ মানচেষ্টাৰ ইউনাইটেডলৈ উভতি আহিছে ৰোনাল্ডো।
ক্ৰিষ্টিয়ানো ৰোনাল্ডো (Cristiano Ronaldo) বা চি আৰ ছেভেন (CR7), ফুটবল বিশ্বই যাৰ দুভৰিত নিজক বিলীন কৰি দিব পাৰে, সেইজন পৰ্তুগীজ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে যোগ দিব মানচেষ্টাৰ ইউনাইটেড (Manchester United)ত। তিনি বছৰীয়া সম্পৰ্কৰ অন্ত পেলাই জুভেণ্টাছ (Juventus) এৰিবলৈ সাজু হৈছে ৰোনাল্ডো। ৰোনাল্ডোৰ নতুন ঠিকনা হৈছে পুৰণি ঘৰ মানচেষ্টাৰ ইউনাইটেড। মানচেষ্টাৰ ইউনাইটেডৰ মেনেজাৰে নিশ্চিত কৰিছে এই কথা।
ৰেড ডেভিলছ (Red Devils) মানচেষ্টাৰ ইউনাইটেডৰ মাজলৈ তেওঁলোকৰ শ্ৰেষ্ঠ তাৰকাজন ঘূৰি আহিব এই খবৰ ক্লাৱটোৰ অনুৰাগীসকলৰ বাবে হৈ পৰিছে জীৱনৰ এক সৰ্বোত্তম প্ৰাপ্তি। 'তেওঁ ঘূৰি আহিছে' (He Is Back) শ্লোগানৰে এতিয়া ছচিয়েল মিডিয়া ভৰি পৰিছে। ফুটবল বিশ্বত এতিয়া কেৱল ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰেই চৰ্চা।
২০০৩ চনৰ পৰা ৬ বছৰ মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলিছিল ৰোনাল্ডোৱে। ২০০৮ চনত ৰোনাল্ডোৰ বলতেই মানচেষ্টাৰ ইউনাইটেডে চেম্পীয়নছ লীগ জয় কৰিবলৈ সক্ষম হৈছিল। ২০০৯ চনত মানচেষ্টাৰ ইউনাইটেডক বিদায় জনাই অভিলেখ পৰিমাণৰ মূল্যত ৰিয়েল মাদ্ৰিদ (Real Madrid)লৈ গৈছিল ৰোনাল্ডো। এতিয়া ১২ বছৰ পিছত পুনৰ মানচেষ্টাৰ ইউনাইটেডলৈ উভতি আহিছে ৰোনাল্ডো।
জুভেণ্টাছৰ প্ৰশিক্ষক মাচিমিলিয়ানো আলেগ্ৰেই নিশ্চিত কৰিছিল যে ৰোনাল্ডো এতিয়া ইটালীৰ ক্লাৱটোত নাই। সংবাদমেলত এক প্ৰশ্নৰ উত্তৰ দি আলেগ্ৰে কয়, 'ক্ৰিষ্টিয়ানোৱে মোক কালি কৈছিল যে তেওঁ যিমান সম্ভৱ সোনকালে ক্লাব এৰিব বিচাৰে। এইটো সঁচা, সেয়া নিশ্চিত। সেইকাৰণে তেওঁ আজিৰ অনুশীলনত নাছিল, তেওঁ কাইলৈ এম্পোলিৰ বিৰুদ্ধে খেলখনত নাথাকিব।'
পৰ্তুগীজ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ২০১৮ চনত ১০০ মিলিয়ন ইউৰোত ৰিয়েল মাদ্ৰিদ এৰিছিল। ক'ৰোনাৰ দ্বাৰা আৰ্থিকভাৱে প্ৰভাৱিত হোৱা জুভেণ্টাছে এতিয়া বৃহৎ পৰিমাণৰ দৰমহা দিব পৰা নাই। গতিকে ৩৬ বছৰীয়া ৰোনাল্ডোৱে জুভেণ্টাছ এৰি যোৱাৰ বাবে আলেগ্ৰেৰ কোনো অনুশোচনা নাই। তেওঁ কয় যে 'ঘটনাবোৰ এনেদৰেই ঘটি থাকে, এয়াই জীৱনৰ নিয়ম। জুভেণ্টাছক ৰোনাল্ডোৱে সদায় নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছে, এতিয়া তেওঁ গুচি গৈছে। জীৱন ৰৈ নাথাকে।'
চি আৰ ছেভেনে জুভেণ্টাছত তিনি বছৰত ১৩৪ খন খেলত ১০১ টা গ'ল কৰিছে। তেওঁ দুটা চিৰি এ লীগ খিতাপ জয় কৰিছিল। কিন্তু জুভেণ্টাছৰ চেম্পিয়নছ লীগ জয়ৰ সপোন পূৰাব নোৱাৰিলে ৰোনাল্ডোৱে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|