• Home
  • »
  • News
  • »
  • world
  • »
  • ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ World Record ! আন্তৰ্জাতিক ফুটবলত সৰ্বাধিক গ'ল দিয়াৰ অভিলেখ গঢ়িলে ৰোনাল্ডোৱে...

ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ World Record ! আন্তৰ্জাতিক ফুটবলত সৰ্বাধিক গ'ল দিয়াৰ অভিলেখ গঢ়িলে ৰোনাল্ডোৱে...

ক্ৰিষ্টিয়ানো ৰোনাল্ডো (Cristiano Ronaldo), এইগৰাকী কিংবদন্তি ফুটবল খেলুৱৈয়ে এক নতুন বিশ্ব অভিলেখ (World Record) গঢ়িছে। তেওঁ আন্তৰ্জাতিক ফুটবলত সৰ্বাধিক গ'ল স্ক'ৰাৰ (Highest Goal Scorer) হৈ পৰিছে।

  • Share this:
ক্ৰিষ্টিয়ানো ৰোনাল্ডো (Cristiano Ronaldo), এইগৰাকী কিংবদন্তি ফুটবল খেলুৱৈয়ে এক নতুন বিশ্ব অভিলেখ (World Record) গঢ়িছে। তেওঁ আন্তৰ্জাতিক ফুটবলত সৰ্বাধিক গ'ল স্ক'ৰাৰ (Highest Goal Scorer) হৈ পৰিছে। বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলত তেওঁ আয়াৰলেণ্ডৰ বিৰুদ্ধে ২ টা গ'ল কৰি এই কৃতিত্ব অৰ্জন কৰে৷ দলটোৱে মেচখন ২-১ গ'লত জিকিছে৷ ৰোনাল্ডোৱে ১১১ টা গ'ল কৰিছে। তেওঁ ইৰাণৰ আলি দেই কেক অতিক্ৰম কৰিছে। তেওঁৰ ১০৯ টা গ'লৰ অভিলেখ আছিল। আন কোনো ফুটবল খেলুৱৈয়ে ১০০ গ'লৰ সীমাত উপনীত হোৱা নাই।

৩৬ বছৰীয়া ক্ৰিষ্টিয়ানো ৰেনাল্ডোৱে Euro ২০২০ ৰ বাবে সৰ্বাধিক গ'ল কৰাৰ বাবে দাইৰান আলী দেইৰ অভিলেখৰ সমতুল্য হয়। ৰোনাল্ডোৱে হেডৰ জৰিয়তে দুয়োটা গ'ল কৰে আৰু লগতে ৮৮ মিনিট পিছ পৰা পৰ্তুগালক এক ৰোমাঞ্চকৰ বিজয় প্ৰদান কৰে। আয়াৰলেণ্ডৰ জন এগানে ৪৫ মিনিটত গ'ল কৰি দলটোক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে। ৮৮ মিনিটলৈকে স্ক'ৰ সেয়াই আছিল। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ৮৯ মিনিটত খেলখনৰ প্ৰথমটো গ'ল কৰি ১-১ ত সমতা আনিছিল। ইনজুৰী টাইমত (৯০+৬) তেওঁৰ দ্বিতীয়টো গ'ল কৰি দলটোক ২-১ গ'লত অপৰাজিত অগ্ৰগতি প্ৰদান কৰে।
Published by:Kokil Sarma
First published: