உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Shane Warne Death: শ্বেন ৱাৰ্নৰ মৃত্যুত শোকপ্ৰকাশ ক্ৰিকেট জগতৰ, মোহালি টেষ্টত ক'লা ফিটা পিন্ধি নামিল খেলুৱৈ

    Shane Warne Death: শ্বেন ৱাৰ্নৰ মৃত্যুত শোকপ্ৰকাশ ক্ৰিকেট জগতৰ, মোহালি টেষ্টত ক'লা ফিটা পিন্ধি নামিল খেলুৱৈ

    বিৰাট কোহলিৰ পৰা ৰোহিত শৰ্মা তথা বিশ্বৰ বহুকেইগৰাকী ক্ৰিকেটাৰে জনালে শ্ৰদ্ধাঞ্জলি

    বিৰাট কোহলিৰ পৰা ৰোহিত শৰ্মা তথা বিশ্বৰ বহুকেইগৰাকী ক্ৰিকেটাৰে জনালে শ্ৰদ্ধাঞ্জলি

    বিৰাট কোহলিৰ পৰা ৰোহিত শৰ্মা তথা বিশ্বৰ বহুকেইগৰাকী ক্ৰিকেটাৰে জনালে শ্ৰদ্ধাঞ্জলি

    • Share this:
    অষ্ট্ৰেলিয়ান স্পিনাৰ শ্বেন ৱাৰ্নৰ মৃত্যুৱে শোকাকুল কৰিছে বিশ্ব ক্ৰিকেট জগত। শুক্ৰবাৰে থাইলেণ্ডৰ তেওঁৰ ভিলাত শেষ নিশ্বাস ত্যাগ কৰে ৱাৰ্নে। ৫২ বছৰীয়া ৱাৰ্নৰ অকাল মৃত্যুত ক্ৰিকেট জগত হতবাক হৈ পৰিছে।

    অষ্ট্ৰেলিয়াৰ মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ডৰ (MCG) বাহিৰত শ্বেন ৱাৰ্নৰ এটা ডাঙৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুৰ এদিন পিছত ৰাতিপুৱাৰে পৰা তেওঁৰ স্মৃতিত মানুহ প্ৰতিমূৰ্তিটোৰ ওচৰত উপস্থিত হৈছে। শ্বেন ৱাৰ্নৰ প্ৰিয় বস্তুবোৰ প্ৰতিমূৰ্তিৰ তলত ৰাখি অনুৰাগীসকলে কিংবদন্তি ক্ৰিকেটাৰজনক স্মৰণ কৰে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।



    ইয়াৰ লগতে বিশ্বৰ প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেট খেলুৱৈসকলে  প্ৰসিদ্ধ লেগ-ব্ৰেক স্পিন বলাৰগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

    ভাৰত আৰু শ্ৰীলংকাৰ মাজত মোহালিত অনুষ্ঠিত টেষ্টৰ দ্বিতীয় দিনা খেলুৱৈসকলে ক'লা ফিটা পৰিধান কৰি খেলপথাৰত প্ৰৱেশ কৰে। দুয়োটা দলে এক মিনিটৰ মৌনতা পালন কৰি শ্বেন ৱাৰ্নক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।



    অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে কয় যে তেওঁ ১৫ বছৰ বয়সত প্ৰথমবাৰৰ বাবে শ্বেন ৱাৰ্নক লগ পাইছিল।  শ্বেন ৱাৰ্নে তেওঁক এটা উপনামো দিছিল। খেলুৱৈ গৰাকী মৃত্যুক শব্দৰে প্ৰকাশ কৰাটো টান বুলি তেওঁ উল্লেখ কৰে।







    ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কোহলিয়ে ৱাৰ্নৰ মৃত্যুত দুখ প্ৰকাশ কৰে।  কোহলীয়ে কয় যে শ্বেন ৱাৰ্ৰন মৃত্যুত কৈছিল যে তেওঁ এইটো বিশ্বাস কৰিব নোৱাৰে।





    ভাৰতীয় দলৰ কেপ্টেইন ৰোহিত শৰ্মাই ৱাৰ্নক  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
    ভাৰতীয় দলটোৱে বৰ্তমান মোহালিত শ্ৰীলংকাৰ বিৰুদ্ধে দুখন খেলৰ শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ খেলি আছে। দ্বিতীয় দিনাৰ খেল আৰম্ভ হোৱাৰ আগতে ৰোহিত শৰ্মাই শ্বেন ৱাৰ্নৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।





    সম্প্ৰতি চলি থকা মহিলা বিশ্বকাপৰ খেলখনতো এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হয়। আইচিচি মহিলা বিশ্বকাপ ২০২২ৰ খেলখনত অষ্ট্ৰেলিয়াৰ মহিলা দলে এক মিনিটৰ বাবে নীৰৱতা পালন কৰি শ্বেন ৱাৰ্নক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অষ্ট্ৰেলিয়াৰ দলটোৱে হাতত ক'লা ফিটা পিন্ধি খেলপথাৰত প্ৰৱেশ কৰে।



    ৱাৰ্নৰ মৃত্যুৰ বাতৰি শুনি কিংবদন্তি শচীন তেণ্ডুলকাৰে টুইট কৰে, "হতবাক,  খেলপথাৰত বা বাহিৰত আপোনাৰ সৈতে কোনো বিৰক্তিকৰ মুহূৰ্ত নাছিল। খেলপথাৰত আমাৰ প্ৰতিদ্বন্দ্বিতা আৰু বাহিৰৰ হাঁহি-ধেমালিৰ কথা মনত ৰাখিম, ভাৰতীয়সকলৰ মনত আপোনাৰ বাবে এক বিশেষ স্থান আছিল।"



    এসময়ত বিশ্বৰ কিংবদন্তি বেটছমেনসকলক তেওঁৰ বলিং যাদুৰে আচৰিত কৰি তোলা ৱাৰ্ন 'বল অফ দ্য চেঞ্চুৰী'ক ক্ৰিকেট অনুৰাগীসকলে এতিয়াও ভালদৰে স্মৰণ কৰে।  ২০০৭ চনত কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলা ৱাৰ্নে কেতিয়াও অষ্ট্ৰেলিয়াৰ অধিনায়ক হোৱাৰ সুযোগ পোৱা নাছিল। অৱশ্যে ১৯৯৯ চনত তেওঁ দলটোৰ উপ-অধিনায়ক হয়।
    Published by:Gautam Barman
    First published: