মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »WTC Final : Ind Vs NZ, চতুৰ্থ দিনা এটাও বল নপৰিল, খেল চাবলৈ আহি দৰ্শকে পালে মাথোঁ বৰষুণৰ সোৱাদ...

WTC Final : Ind Vs NZ, চতুৰ্থ দিনা এটাও বল নপৰিল, খেল চাবলৈ আহি দৰ্শকে পালে মাথোঁ বৰষুণৰ সোৱাদ...

চাউদাম্পটনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ (WTC Final) চতুৰ্থ দিনাও বৰষুণ।

চাউদাম্পটনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ (WTC Final) চতুৰ্থ দিনাও বৰষুণ।

  • Share this:
চাউদাম্পটনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ (WTC Final) চতুৰ্থ দিনাও বৰষুণ। বৰষুণৰ বাবে এটাও বল বল কৰিব পৰা নাছিল আৰু দিনটোৰ খেল বাতিল কৰিব লগা হৈছে। প্ৰথম দিনাৰ খেলো বৰষুণৰ দ্বাৰা সম্পূৰ্ণৰূপে ধুই গৈছিল। খেলখন চাবলৈ আগ্ৰহী ক্ৰিকেট অনুৰাগীসকলে হতাশ হৈ উভতি আহিব লগা হৈছে।

চাউদাম্পটনত বৰষুণ অব্যাহত আছিল আৰু ভাৰতীয় সময় মতে সন্ধিয়া প্ৰায় ৭.৩০ বজাত, কৰ্তৃপক্ষই চতুৰ্থ দিনৰ খেল বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
ধাৰাসাৰ বৰষুণৰ বাবে খেলখনৰ প্ৰথম দিনা টছত উপনীত হ'ব পৰা নাছিল। খেলখন দ্বিতীয় আৰু তৃতীয় দিনত অনুষ্ঠিত হৈছিল, কিন্তু দুৰ্বল পোহৰৰ বাবে, দিনটোৰ খেল সম্পূৰ্ণ হোৱা নাছিল। তৃতীয় দিনৰ খেল শেষ হোৱাৰ আগতে নিউজিলেণ্ডে ২ উইকেটত ১০১ ৰাণ কৰিছিল। কেন উইলিয়ামছন ১২ ৰাণত ক্ৰীজত আছে। ইয়াৰ পূৰ্বে, কিৱি বলাৰসকলে ভাৰতীয় ইনিংছ ২১৭ ৰাণতে সমাপ্ত কৰিছিল।

শেহতীয়া বাতৰি