World Cup 2019: ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত?

বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ আৰু মাত্ৰ দুখোজ! ভাৰতীয় দলে কাৰ বিৰুদ্ধে খেলিব বিশ্বকাপৰ ছেমি ফাইনেল

News18-Assam
Updated:July 3, 2019, 1:13 PM IST
World Cup 2019: ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত?
বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ আৰু মাত্ৰ দুখোজ! ভাৰতীয় দলে কাৰ বিৰুদ্ধে খেলিব বিশ্বকাপৰ ছেমি ফাইনেল
News18-Assam
Updated: July 3, 2019, 1:13 PM IST
বাংলাদেশক পৰাস্ত কৰি চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ স্থান চুড়ান্ত হোৱাৰ লগে লগে ভাৰত সপ্তমবাৰৰ বাবে উপনীত হ’ল বিশ্বকাপৰ ছেমি ফাইনেলত।ইয়াৰে তিনিবাৰ ভাৰতে ফাইনেল খেলিছে।     এইবাৰ  ভাৰতে পাৰিবনে বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ, কাৰ সৈতে ছেমিফাইনেলত হ’ব মুখামুখি? সেই প্ৰশ্ন এতিয়া প্ৰতিজন ভাৰতীয় মনৰ মাজত!

পইণ্ট টেবুলত ভাৰতৰ শেহতীয়া স্থিতি



আঠখন মেচৰ ছখনত জয়লাভ কৰি মুঠ ১৩ পইণ্টেৰে ভাৰত এতিয়া বিশ্বকাপৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে। ৰাউণ্ড ৰবীন পৰ্যায়ত ভাৰতে নিজৰ শেষৰ খন খেল খেলিব শ্ৰীলংকাৰ বিৰুদ্ধে। শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিব পাৰিলে ভাৰতৰ মুঠ ১৫ পইণ্ট হ’বগৈ। কিন্তু খেলখনত জয়ী হ’লেও ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হোৱাটো চুড়ান্ত নহয়। কাৰণ বৰ্তমান পইণ্ট তালিকাৰ প্ৰথম স্থানত থকা অষ্ট্ৰেলিয়াই খেলিবলৈ আছে ৰাউণ্ড পৰ্যায়ত নিজৰ অন্তিমখন মেচ।

পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকিলে ভাৰতে কাৰ বিৰুদ্ধে খেলিব লাগিব ছেমিফাইনেলঃ

সমীকৰণ অনুসৰি ভাৰত পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকাৰ সম্ভাৱণাই অধিক। পইণ্ট  তালিকাৰ দ্বিতীয় স্থানৰ দলে ছেমিফাইনেলত তালিকাৰ তৃতীয় স্থানৰ দলটোৰ সৈতে মুখামুখি হ’ব। বৰ্তমান মুঠ ১১ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে নিউজীলেণ্ড। নিজৰ অন্তিমখন মেচত জিকিলেও নিউজীলেণ্ড তৃতীয় স্থানতে থাকিব। যদি ভবা মতে সকলো হয় তেন্তে ছেমি ফাইনেলত ভাৰতীয় দল নিউজীলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব লাগিব।

আৰু চাওক পৰৱৰ্তী বাতৰি