World Cup:শ্ৰীলংকাৰ বিৰুদ্ধে মেচত কোন কেইগৰাকী খেলুৱৈক বিশ্ৰাম দিব ভাৰতে

News18-Assam
Updated:July 5, 2019, 4:15 PM IST
World Cup:শ্ৰীলংকাৰ বিৰুদ্ধে মেচত কোন কেইগৰাকী খেলুৱৈক বিশ্ৰাম দিব ভাৰতে
শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিলে ভাৰতে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হ’ব পাৰে, যদিহে অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচত পৰাজয়বৰণ কৰে।

শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিলে ভাৰতে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হ’ব পাৰে, যদিহে অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচত পৰাজয়বৰণ কৰে।

  • Share this:
এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে বিশ্বকাপৰ ছেমি ফাইনেল খেলৰ বাবে। ভাৰতে বাংলাদেশৰ বিৰুদ্ধে মেচত জয়লাভ কৰি ইতিমধ্যে বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে। কিন্তু ছেমি ফাইনেলৰ পূৰ্বে ভাৰতে শণিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব বিশ্বকাপৰ ৰাউণ্ড ৰবীন লীগৰ নিজৰ অন্তিমখন মেচ। মেচখন ভাৰতীয় দলৰ বাবে নহয় বিশেষ গুৰুত্বপূৰ্ণ। সেয়েহে মেচখনত ভাৰতে দলৰ বহুকেইগৰাকী খেলুৱৈক বিশ্ৰাম দিব পাৰে।

শণিবাৰে মেচত মূল একাদশত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ। জাদেজাই কেদাৰ যাদৱৰ স্থানত দলৰ মূল একাদশত লাভ কৰিব পাৰে স্থান। সেইদৰে দীনেশ কাৰ্তিক আৰু মায়ংক আগৰৱালেও পাব পাৰে সুযোগ। বিশ্ৰাম দিব পাৰে হাৰ্ডিক পাণ্ডিয়াকো।

বুমৰাহক দিব পাৰে বিশ্ৰাম-চলিত বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে পেচ বলাৰ বুমৰাহে। বাংলাদেশৰ বিৰুদ্ধে মেচখনত ভাৰতে জয়লাভ কৰাত বিশেষ ভূমিকা লৈছিল বুমৰাহে। কিন্তু ছেমি ফাইনেলৰ বাবে বুমৰাহক ফিট ৰখাৰ স্বাৰ্থত অধিনায়ক বিৰাট কোহলীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে মেচত দলত স্থান দিয়াৰ পৰিৱৰ্তে বিশ্ৰাম দিব পাৰে খেলুৱৈগৰাকীক।

বুমৰাহে নিবিচাৰে বিশ্ৰাম - বাংলাদেশৰ বিৰুদ্ধে মেচখনত ভাৰতে জয়লাভ কৰাৰ পিছত বুমৰাহে পৰৱৰ্তী মেচখনত বিশ্ৰাম ল’ব নেকি বুলি প্ৰশ্ন কৰা হৈছিল। যাৰ উত্তৰত বুমৰাহে কৈছিল, ‘ এইয়া মোৰ প্ৰথম বিশ্বকাপ, ইয়াত মই নিজৰ প্ৰদৰ্শন অধিক উন্নত কৰিবলৈ  অধিক মেচ খেলিব বিচাৰো।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading