World cup 2019 ‌Final: মহাৰণত আজি আৱৰি থাকিব ক’লা ডাৱৰে, জানো আহক বতৰৰ বতৰা

নিউজীলেণ্ড আৰু ইংলেণ্ডৰ মাজত আজি হ’বলগীয়া ফাইনেল যুঁজত আৱৰি থাকিব ক’লা ডাৱৰে...

News18-Assam
Updated:July 14, 2019, 2:19 PM IST
World cup 2019 ‌Final: মহাৰণত আজি আৱৰি থাকিব ক’লা ডাৱৰে, জানো আহক বতৰৰ বতৰা
নিউজীলেণ্ড আৰু ইংলেণ্ডৰ মাজত আজি হ’বলগীয়া ফাইনেল যুঁজত আৱৰি থাকিব ক’লা ডাৱৰে...
News18-Assam
Updated: July 14, 2019, 2:19 PM IST
নিউজীলেণ্ড আৰু ইংলেণ্ডৰ দলে প্ৰথমবাৰৰ বাবে জয়ী হোৱাৰ উদ্দেশ্যৰে আজি লৰ্ডছৰ খেলপথাৰত নামিব। অষ্ট্ৰেলিয়া আৰু ভাৰতৰ দৰে দল বাহিৰ হোৱাৰ পিছত বিশ্বই এইবাৰ নতুন বিশ্ববিজয়ী লাভ কৰিব। লৰ্ডছৰ খেলপথাৰত আজি ইতিহাস সাক্ষী হ’বলৈ পুনৰ প্ৰস্তুত হৈছে। সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে এই মহাৰণত আৰু লগতে বতৰৰ ওপৰতো। এইবাৰ বিশ্ব কাপত বতৰৰ বাবে কেইবাখনো খেল স্থগিত হৈছে, ইয়াৰ প্ৰভাৱ পৰিছে দলৰ পৰিণামৰ ওপৰতো। নিউজীলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা ছেমিফাইনেলতো বৰষুণে বিধি–পথালি দিছিল আৰু খেলখন পাছদিনালৈ স্থগিত কৰি ৰখা হৈছিল, য’ত কিৱি দলে জয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।

ডাৱৰেৰে আৱৰি থাকিব আকাশ
দুয়োটা দলৰ খেলুৱৈসকলৰ লগতে অনুৰাগীয়ো এই চিন্তাতে আছে যে বৰষুণে বাধা–বিঘিনি দিব। কাৰণ আজি ডাৱৰে আৱৰি ধৰিছে আকাশ। ব্ৰিটিছ বতৰ বিজ্ঞান বিভাগ অনুসৰি আকাশ ডাৱৰেৰে আৱৰি থাকিব, কিন্তু বৰষুণৰ সম্ভাৱনা ক্ষীণ। ভাৰতীয় সময়নুসৰি পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ লৰ্ডছৰ খেলপথাৰত ডাৱৰে আকাশ ঢাকি ৰাখিব। যদিও নিশা ১০ বজাৰ পিছত ডাৱৰ আঁতৰি যোৱাৰ সম্ভাৱনা। দেওবাৰে বৰষুণৰ সম্ভাৱনা কম, লগতে তাপমাত্ৰা ২১ৰ পৰা ২৩ ডিগ্ৰী ছেলচিয়াচৰ মাজত থাকিব।



দুয়োটা টীমৰ মাজত এখন ৰোমাঞ্চকৰ যুঁজ হোৱাৰ সম্ভাৱনা।
আৰু চাওক পৰৱৰ্তী বাতৰি