ঋষভ পণ্টক দলত বিচৰা নাছিল বিৰাট কোহলীয়ে! কিন্তু...

News18-Assam
Updated:July 10, 2019, 9:30 PM IST
ঋষভ পণ্টক দলত বিচৰা নাছিল বিৰাট কোহলীয়ে! কিন্তু...
ছেমি ফাইনেলত ভাৰতীয় দল পৰাস্ত হোৱাৰ পিছত এতিয়া ঋষভ পণ্টৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক নতুন তথ্য! ৰবি শাস্ত্ৰীৰ বাবেহে দলত স্থান লাভ কৰিছিল ঋষভে!

ছেমি ফাইনেলত ভাৰতীয় দল পৰাস্ত হোৱাৰ পিছত এতিয়া ঋষভ পণ্টৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক নতুন তথ্য! ৰবি শাস্ত্ৰীৰ বাবেহে দলত স্থান লাভ কৰিছিল ঋষভে!

  • Share this:
অৱশেষত বিশ্বকাপৰ পৰা বাহিৰ হ’ল কোহলী বাহিনী। ২৪০ ৰানৰ লক্ষ্য আগত ৰাখি ভাৰতে ২২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। টপ অৰ্ডাৰ বেটচমেন চুড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ বাবেই অৱশেষত থমকি ৰয় ভাৰতীয় দল।সেই সময়তে এতিয়া ঋষভ পণ্টৰ সম্পৰ্কত পোহৰলৈ আহিছে এক নতুন তথ্য।

বিশ্বকাপৰ ছেমি ফাইনেলৰ মূল একাদশত ঋষভ পণ্টক বিচৰা নাছিল অধিনায়ক বিৰাট কোহলীয়ে। একমাত্ৰ দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বিচৰাৰ কাৰণেহে মূল একাদশত দলত স্থান লাভ কৰিলে ঋষভ পণ্টে। কিন্তু যেতিয়া ঋষভ পণ্ট জৰুৰী সময়ত অনৰ্থক শ্বট খেলি আউট হয়,তেতিয়াই ঋষভে তেনে শ্বট খেলাৰ বাবে খঙত টিঙিৰি তুলা হৈ পৰে অধিনায়ক বিৰাট কোহলী।



পিছত প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ওচৰলৈ গৈ খঙৰ ভমকত বিৰাটে কিবা কোৱা বুলিও এতিয়া চলিছে চৰ্চা। উল্লেখে যে ঋষভ পণ্টে আজি ৩২ ৰানৰ বৰঙণী যোগাই।
First published: July 10, 2019, 9:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading