ক্ৰিকেটৰ বিশ্ব সংস্থা আইচিচি (ICC)য়ে টি-২০ বিশ্বকাপ (T-20 WorldCup) গ্ৰুপ ঘোষণা কৰিছে। ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপত ৰখা হৈছে। অৰ্থাৎ গ্ৰুপ মেচৰ পিছত নকআউট পৰ্যায়তো দুয়ো দেশৰ মুখামুখি হ'ব পাৰে। ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজক দ্বিতীয় গ্ৰুপত ৰখা হৈছে। প্ৰতিযোগিতাখন ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ ইউএই আৰু ওমানত অনুষ্ঠিত হ'ব। মুঠ ১৬ টা দলে অংশ ল'ব।
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয়, "আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ আয়োজনৰ সৈতে ওমানক বিশ্ব ক্ৰিকেটৰ আওতালৈ অনাটো ভাল। এইটোৱে বহুতো যুৱ খেলুৱৈক খেলখনত আগ্ৰহ লোৱাত সহায় কৰিব। আমি জানো যে এইটো বিশ্বৰ এই অংশত এক বিশ্বমানৰ অনুষ্ঠান হ'ব।' আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২১ৰ স্থান হৈছে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়াম, শাৰজাহ ষ্টেডিয়াম আৰু ওমান ক্ৰিকেট একাডেমী গ্ৰাউণ্ড। প্ৰতিযোগিতাৰ সময়সূচী উপযুক্ত সময়ত ঘোষণা কৰা হ'ব।
আইচিচি টি-২০ বিশ্বকাপ গ্ৰুপ
ৰাউণ্ড 1
গ্ৰুপ এ: শ্ৰীলংকা, আয়াৰলেণ্ড, নেডাৰলেণ্ড, নামিবিয়া
গ্ৰুপ বি: বাংলাদেশ, স্কটলেণ্ড, পাপুয়া নিউ গিনি, ওমান
চুপাৰ ১২
গ্ৰুপ 1: অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ, এ1, বি2
গ্ৰুপ 2: ভাৰত, পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান, বি1, এ2
Published by: Kokil Sarma
FIRST PUBLISHED : July 16, 2021, 16:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।