আইচিচি টি-২০ বিশ্বকাপ ২০২১ (ICC T20 World Cup 2021)ৰ ছেমি ফাইনেলত পাকিস্তান অষ্ট্ৰেলিয়াৰ (Pakistan vs Australia) হাতত পৰাজিত হৈছে। টি-২০ বিশ্বকাপ ছুপাৰ ১২ পৰ্যায়ৰ পাঁচোখন মেচ দৰ্শনীয় ভাৱে জিকি পাকিস্তান ক্ৰিকেট দল ছেমি ফাইনেলত উপনীত হৈছিল। ফাইনেলত উপনীত হৈ বিশ্বকাপ জয় কৰাৰ দাবীদাৰসকলৰ ভিতৰত পাকিস্তান (Pakistan Cricket Team) অন্যতম দল আছিল। কিন্তু ছেমি ফাইনেলত মেথিউ ৱেডৰ দৰ্শনীয় ইনিংছে পাকিস্তানৰ সপোন তচনচ কৰি দিলেআৰু চূড়ান্ত দৌৰৰ পৰা বাহিৰ কৰি দিয়ে। পিছে পাকিস্তানৰ পৰাজয়ৰ পিছৰে পৰা ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা (Sania Mirz)ক ছচিয়েল মিডিয়াত ট্ৰ'ল কৰা হৈছে।
ছানিয়া মিৰ্জা পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ (Shoaib Malik) সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দুয়োজনৰ এটি পুত্ৰ সন্তান আছে যাৰ নাম ইজহান মিৰ্জা মালিক। আইচিচি টি-২০ বিশ্বকাপ ২০২১ ৰ সময়ত ছানিয়া পাকিস্তান ক্ৰিকেট দলৰ সৈতে আছিল। প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ আগতেই তেওঁ পাকিস্তানৰ বায়ো বাবলত যোগদান কৰিছিল। ভাৰতৰ বিৰুদ্ধে খেলখনৰ উপৰি ছানিয়াই আন প্ৰতিখন খেলত পাকিস্তানক সমৰ্থন জনাইছিল। পাকিস্তান দল আৰু ছোৱেইব মালিকৰ ইনিংছৰ সফলতাৰ সময়ত তেওঁক প্ৰায়ে হাততালি দিয়া দেখা গৈছিল।
তেওঁ পাকিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছেমি ফাইনেল খেলতো পাকিস্তানক সমৰ্থন জনাইছিল। পাকিস্তানক সমৰ্থন আৰু উল্লাস প্ৰদৰ্শন কৰাৰ বাবে এতিয়া ছানিয়াক সামাজিক মাধ্যমত ট্ৰ'ল কৰা হৈছে। অৱশ্যে, বহুঅনুৰাগীয়ে ছানিয়াক সমৰ্থন কৰিছে আৰু ট্ৰ'লবোৰকো গালি দিছে।
উল্লেখ্য যে ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকে ২০১২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। এজন পাকিস্তানী ক্ৰিকেটাৰক বিয়া কৰোৱাৰ বাবে ছনিয়াক আৰম্ভণিৰে পৰা ট্ৰ'ল কৰা হৈছিল। ভাৰত-পাকিস্তান যুদ্ধ আৰু ভাৰত-পাকিস্তান ক্ৰিকেট খেলৰ সময়য়ত ছানিয়াক প্ৰায়েই লক্ষ্য কৰি লোৱা হয়। ভাৰত-পাকিস্তান ক্ৰিকেট খেলৰ আগতে ছানিয়াই প্ৰায়ে ঘোষণা কৰে যে তেওঁ নেতিবাচক মন্তব্যৰ পৰা পৰিত্ৰাণ পাবলৈ ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি আহিছে। এইবাৰো টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ আগতে তেওঁ ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীসকলক কৈছিল যে তেওঁ ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি যাব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|