உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • নিশাৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইজন বলাৰৰ বলিং একচন, চাওক ভিডিঅ’

    নিশাৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইজন বলাৰৰ বলিং একচন, চাওক ভিডিঅ’

    ভিডিঅ’ দেখাৰ পিছত আপুনিও ক’ব বলাৰ যেনেকুৱা বেটছমেনো তেনেকুৱা।

    ভিডিঅ’ দেখাৰ পিছত আপুনিও ক’ব বলাৰ যেনেকুৱা বেটছমেনো তেনেকুৱা।

    ভিডিঅ’ দেখাৰ পিছত আপুনিও ক’ব বলাৰ যেনেকুৱা বেটছমেনো তেনেকুৱা।

    • Share this:
      আপুনি নিশ্চয় এনেকুৱা বলাৰ দেখিছে যাৰ সঠিক লাইন আৰু লেংথৰ আগত ডাঙৰ ডাঙৰ বেটছমেনো ক্ৰিজত তিষ্টিব নোৱাৰে। কিছুমান বলাৰ য়ৰ্কাৰত পাকৈত, কিছুমান স্পীন আৰু কিছুমানৰ বলৰ দ্ৰুতগতিয়ে বিপাঙত পেলায় বেটছমেনক। কিন্তু এজন বলাৰৰ বলিং আপুনি বাৰে বাৰে চাব বিচাৰিব। ভিডিঅ’ দেখাৰ পিছত আপুনিও ক’ব বলাৰ যেনেকুৱা বেটছমেনো তেনেকুৱা।

      ইউৰোপিয়ান টি–২০ ক্ৰিকেট লীগত ৰোমানিয়া মূলৰ ক্ৰিকেটাৰ পাৱেল ফ্লোৰিনে নিজৰ বলিং একচনৰ বাবে নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। লীগৰ এখন মেচত ক্লুজ ক্ৰিকেট ক্লাবৰ হৈ খেলা ফ্লোৰিনে ড্ৰেকছ ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে বলিং কৰাৰ সময়ত তেওঁৰ বলিং একচন দেখি সকলো আচৰিত হৈছিল।


      অত্যন্ত দুৰ্বল বলিং কৰিছিল ফ্লোৰিনে, দিছিল কেইবাটাও ৱাইড বলো। কিন্তু বেটছমেনজনো কম নাছিল। লেহেমীয়া বলো ভালদৰে খেলিব পৰা নাছিল বেটছমেনজনে।

      ফ্লোৰিনে কয় যে তেওঁৰ বলিং একচনক লৈ মানুহে কি কয় তাক লৈ তেওঁৰ ভ্ৰূক্ষেপ নাই। ক্ৰিকেট ভাল পোৱাৰ বাবেই তেওঁ খেলি আছে। তেওঁৰ বলিং একচন কাৰোবাৰ ভাল নালাগিলেও আপত্তি নাই তেওঁৰ। ৰোমানিয়াৰ এই খেলুৱৈজনে ৪০ বছৰ বয়সত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল।
      First published: