দেওবাৰে অনুষ্ঠিত হ’ল ICC World Cup ২০১৯ৰ ভাৰত আৰু পাকিস্তানৰ মাজত খেল। ভাৰতে ৫টা উইকেট হেৰুৱাই পাকিস্তানক ৩৩৭ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও পাকিস্তানৰ দলটোৱে এই লক্ষ্য পূৰণ কৰিবলৈ সক্ষম নহ’ল। বৰষুণৰ বাবে ৪০ অভাৰলৈ হোৱা মেচখনত পাকিস্তানে ৬টা উইকেট হেৰুৱাই ২১২ ৰানহে সংগ্ৰহ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়ালৈ বিশ্বকাপত ৭খন মেচ অনুষ্ঠিত হৈছে আৰু আটাইকেইখনতে ভাৰতে পাকিস্তানক পৰাস্ত কৰিছে
ভাৰতৰ হাতত পৰাস্ত হোৱা পাকিস্তানী দলটোৱে নিজৰ দেশত যথেষ্ট অপমান সন্মুখীন কৰিবলগীয়া হ’ল। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু ৰাৱলপিণ্ডী এক্সপ্ৰেছৰূপে খ্যাত ফাষ্ট বলাৰ ছোৱেইব আখতাৰে দলটোৰ অধিনায়ক ছৰফৰাজ আহমেদক
![]()
‘Brain lace’
বুলি কৈ দিয়ে।
নিজৰ ইউটিউব চেনেলত ছোৱেইবে ক’লে যে টছত বিয়জী হোৱাৰ পিছত পাকিস্তানে প্ৰথমে বেটিং কৰিব লাগিছিল। তেওঁ ক’লে যে ইতিহাস সাক্ষী আছে যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে এখনো খেলত বিজয়ী হ’ব পৰা নাই। ইয়াৰ পিছতো দলৰ অধিনায়কে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
পাকিস্তানৰ ক্ৰিকেটাৰ কামৰান অকমলে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰিলে। তেওঁ টুইটাৰত লিখিলে যে– ‘মানসিক চাপ থকাৰ পিছতো ৰোহিত শৰ্মাই সুন্দৰভাৱে শতৰান অৰ্জন কৰে আৰু বিৰাট কোহলীক ১১,০০০ ৰান সংগ্ৰহ কৰাৰ বাবে শুভকামনা যাচিলে।’
পাকিস্তানৰ ক্ৰীড়া সাংবাদিক ছাজ ছাদিকে এখন ফটো টুইট কৰিলে, য’ত ভাৰতৰ সমৰ্থক বিজয়ৰ পিছত নাচি আছিল আনহাতে, পাকিস্তানৰ সমৰ্থকে মন মাৰি বহি আছিল।
ছোৱেইব আখতাৰে কৰিছিল টুইট
মেচ চলি থকা মাজতে ছোৱেইব আখতাৰে এটা টুইট কৰিছিল। তেওঁ লিখিছিল যে ‘আমি এই লক্ষ্য পূৰণ কৰিবলৈ চমৎকাৰৰ প্ৰয়োজন। আল্লাই আমাৰ ল’ৰাসকলক এই লক্ষ্য পূৰণ কৰাত আৰু ইতিহাস সলনি কৰাত সহায় কৰে যেন।
পাকিস্তানৰ শোচনীয় পৰাজয়ৰ পিছত খোদ সেই স্থানৰ নাগৰিকে নিজৰ দলৰ বিষয়ে বেয়াকৈ কব আৰম্ভ কৰিছিল। কেইবাটাও মীম ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। এই সন্দৰ্ভত হছন সীমাই লিখিলে– ‘না কোনো Domestic Structureৰ প্ৰয়োজন, না বিকাশৰ... কেৱল নিজৰ ওপৰত হাঁহিবলৈ ক্ষমতাৰ প্ৰয়োজন। মাছাআল্লাহ ইয়াক লৈ প্ৰতিভাৰ কোনো অভাৱ নাই।’
আলী খান তৰীণে লিখিলে– পাকিস্তানৰ ক্ৰিকেট তেতিয়ালৈ পৰিৱৰ্তন কৰিব পৰা নাযায় যেতিয়ালৈ স্থানীয় ক্ৰিকেট পৰিৱৰ্তন কৰা নহয়।
দুখত ভাগি পৰিছিল কেইবাগৰাকীও অনুৰাগী
কেইজনমান অনুৰাগী দুখত ভাগি পৰিছিল। পাকিস্তানৰ পৰাজয়ৰ পিছত কান্দিবয়ো আৰম্ভ কৰিছিল। পাকিস্তানৰ অনুৰাগী মোমিন ছাকিবে এটা নিউজ চেনেলৰ সৈতে কথা কওঁতে কান্দি উঠিছিল। তেওঁ অভিযোগ উত্থাপন কৰিছিল যে পাকিস্তানী খেলুৱৈয়ে খেলৰ এদিন পূৰ্বে বাৰ্গাৰ আৰু পিজা খাই আছিল। তেওঁলোকৰ ফিটনেছ এনেকুৱা যে তেওঁলোকে ক্ৰিকেট এৰি দংগলহে খেলিব লাগিছিল।
ইণ্ডিয়াই এনেকৈ খেলিছে যে আমি IMFৰ পৰা নহয় এওঁলোকৰ পৰাহে ঋণ লও
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|