ছেমিফাইনেলত ভাৰতৰ পৰাজয়ৰ পিছত কি ক’লে পাকিস্তানী মিডিয়াই?

News18-Assam
Updated:July 11, 2019, 12:03 PM IST
ছেমিফাইনেলত ভাৰতৰ পৰাজয়ৰ পিছত কি ক’লে পাকিস্তানী মিডিয়াই?
ভাৰতৰ পৰাজয়ৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাকিস্তানী মিডিয়াৰ কথা যদি কোৱা হয় তেন্তে পাক মিডিয়াই ভাৰতৰ পৰাজয়ক গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে।

ভাৰতৰ পৰাজয়ৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাকিস্তানী মিডিয়াৰ কথা যদি কোৱা হয় তেন্তে পাক মিডিয়াই ভাৰতৰ পৰাজয়ক গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে।

  • Share this:
বুধবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছতে সমাপ্ত হৈ গ’ল দলটোৰ মিছন ৱৰ্ল্ড কাপ। টীম ইণ্ডিয়াক এইবাৰৰ ৱৰ্ল্ড কাপত শক্তিশালী দাবীদাৰ বুলি কোৱা হৈছিল। কোনোৱে আশা কৰা নাছিল যে নিউজীলেণ্ডৰ দৰে এটা দুৰ্বল দলৰ সন্মুখত পৰাজয় বৰণ কৰিব। ভাৰতৰ এই পৰাজয়ত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাকিস্তানী মিডিয়াৰ কথা যদি কোৱা হয় তেন্তে পাক মিডিয়াই ভাৰতৰ পৰাজয়ক গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে।

‘ডন’ৰ হেডলাইন হ’ল– India's World Cup dream shattered as New Zealand win by 18 runs(নিউজীলেণ্ডৰ ১৮ ৰানত জয়ৰ লগতে ভাৰতৰ ৱৰ্ল্ড কাপৰ সপোন চূৰ্ণ–বিচূৰ্ণ হ’ল)। লগতে মেচখনৰ বিষয়ে জনাই কয় যে কেনেকৈ ভাৰতৰ টপ অৰ্ডাৰ বিধ্বস্ত হ’ল আৰু ‘মেন অব দ্যা মেচ’ মেট হেনৰীৰ আৰ্কষণীয় বলিঙৰ বাবে নিউজীলেণ্ডে দ্বিতীয়বাৰলৈ ফাইনেলত প্ৰৱেশ কৰিলে।



‘জিঅ টিভি’ৰ ৱেবচাইটৰ হেডলাইন– New Zealand outclass India to reach Cricket World Cup 2019 Final (ভাৰতক হৰুৱাই ফাইনেলত প্ৰৱেশ নিউজীলেণ্ডৰ)।



শ্বয়েবে কৰিলে ঠাট্টা!
পাকিস্তানৰ প্ৰাক্তন বলাৰ শ্বয়েব আখতাৰে নিজৰ ইউ–টিউব চেনেলতো ভাৰতৰ পৰাজয়ৰ কথা স্বীকাৰ কৰিলে। শ্বয়েবে নিজৰ ভিডিঅ’ৰ আৰম্ভণিতে হাঁহিলে, হাঁহি দেখি উমান পোৱা গৈছিল যে তেওঁ ভাৰতক ঠাট্টা কৰি আছিল, যদিও পিছত তেওঁ টীম ইণ্ডিয়াক প্ৰশংসা কৰিলে আৰু ক’লে এনেকুৱা যিকোনো দলৰ সৈতে হ’ব পাৰে।

First published: July 11, 2019, 12:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading