পাকিস্তান ক্ৰিকেট দলৰ ১০গৰাকী খেলুৱৈ কোৰোণাত আক্ৰান্ত

News18 Assam | News18-Assam
Updated:June 24, 2020, 9:35 AM IST
পাকিস্তান ক্ৰিকেট দলৰ ১০গৰাকী খেলুৱৈ কোৰোণাত আক্ৰান্ত
অহা দেওবাৰে ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হোৱাৰ কথা দলটোৰ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তান ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণলৈ যাব নে নাযায়?

অহা দেওবাৰে ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হোৱাৰ কথা দলটোৰ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তান ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণলৈ যাব নে নাযায়?

  • Share this:
পাকিস্তান ক্ৰিকেট দলৰ ১০গৰাকীকৈ সদস্য আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। সোমবাৰে তিনিগৰাকী খেলুৱৈৰ দেহত কোভিড–১৯ৰ অৱস্থিতি পোৱাৰ পিছত মঙলবাৰে আক্ৰান্ত হয় আন ৭গৰাকী খেলুৱৈ। বেটছমেন ফখৰ জামান, ইমৰাণ খান, কাছিফ ভট্টী, মহম্মদ হাফিজ, মহম্মদ হাছনেন, মহম্মদ ৰিজৱান আৰু ৱাহাব ৰিয়াজ আক্ৰান্ত হৈছে কোৰোণাত। সোমবাৰে হাৰিছ ৰউফ, ছাদাব খান আৰু হাইদৰ আলীৰ দেহত পোৱা গৈছিল কোভিড–১৯ পজিটিভ। অহা দেওবাৰে ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হোৱাৰ কথা দলটোৰ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তান ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণলৈ যাব নে নাযায়?

পিচিবিৰ চিইঅ’ ৱাছিম খানে স্পষ্ট কৰি দিছে যে পাকিস্তানৰ যিমানেই খেলুৱৈ কোৰোণা পজিটিভ নহওক কিয়, দল ইংলেণ্ড ভ্ৰমণলৈ যাব। ৱাছিম খানে কয়, ‘পাকিস্তান দলৰ ইংলেণ্ড ভ্ৰমণ অব্যাহত থাকিব। ২৮ জুনত দলটো ইংলেণ্ডলৈ ৰাওনা হ’ব।’
First published: June 24, 2020, 9:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading