Adieu Shane Warne: ২২ গজৰ ৰণত ৱাৰ্ণৰ বলে যেন অৰ্জূনৰ গাণ্ডীৱৰ পৰা ওলৱা বাণৰ দৰে ধৰাশায়ী কৰিছিল বিপক্ষৰ বেটছমেনক। নিজৰ ক্ৰীড়া জীৱনত ইটোৰ পিছত সিটো অভিলেখ গঢ়ি গৈছে ৱাৰ্নে।
শ্বেন ৱাৰ্ন (Shane Warne)ৰ দৰে এজন বলাৰ, লেগস্পীনাৰ ( Leg Spinner)আৰু এজন ক্ৰিকেটাৰ (Cricketer) বিশ্বত আৰু দ্বিতীয়জন জন্ম নহ'ব। বিশ্বৰ বিধ্বংসী বেটছমেনৰো নিশাৰ টোপনি হৰা শ্বেন ৱাৰ্নে নিজৰ বৰ্ণময় ক্ৰিকেট (Cricket) কেৰিয়াৰত বিশ্ব ক্ৰীড়াক দি গ'ল অবিস্মৰণীয় অভিজ্ঞতা। ২২ গজৰ ৰণত ৱাৰ্ণৰ বলে যেন অৰ্জূনৰ গাণ্ডীৱৰ পৰা ওলৱা বাণৰ দৰে ধৰাশায়ী কৰিছিল বিপক্ষৰ বেটছমেনক। নিজৰ ক্ৰীড়া জীৱনত ইটোৰ পিছত সিটো অভিলেখ গঢ়ি গৈছে ৱাৰ্নে। চাও আহক শ্বেন ৱাৰ্নৰ কেইটামান টপ ৰেকৰ্ড-
শ্বেন ৱাৰ্নে মাত্ৰ ১৪৫খন টেষ্টত দখল কৰিছে ৭০৮টা উইকেট।
এটা বছৰত সৰ্বাধিক উইকেট (৯৬) দখল কৰা একমাত্ৰ বলাৰ।
এখন টেষ্ট খেলত সৰ্বাধিকবাৰ (১০ বাৰ) ১০টা উইকেট দখল কৰা বিশ্বৰ দ্বিতীয়গৰাকী বলাৰ।
এখন টেষ্টত এটা ইনিংছত ৫টা উইকেট দখল কৰা তৃতীয় শ্ৰেষ্ঠ বলাৰ। ৩৮বাৰ ৫ উইকেট দখল কৰিছিল ৱাৰ্ণে।
টেষ্টত কম খেলত ৭০০ উইকেট দখল কৰা দ্বিতীয় শ্ৰেষ্ঠ বলাৰ। মাত্ৰ ১৪৪খন টেষ্টত লৈছিল ৭০০ উইকেট।
ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত মুঠ ১০০১টা উইকেট দখল কৰি সৰ্বাধিক উইকেট দখলৰ তালিকাত দ্বিতীয় স্থান।
T20 খেলত ৭১খন মেচত ৭০টা উিকেট দখল কৰিছিল শ্বেন ৱাৰ্নে।
বিশ্বৰ তৃতীয় সৰ্বাধিক মেন অৱ দা মেচ বঁটা লাভ কৰা খেলুৱৈ।
এটাও শতক নকৰাকৈ কেৰিয়াৰত সৰ্বাধিক ৰাণ (৩১৫৪) কৰা খেলুৱৈ।
টেষ্ট কেৰিয়াত সৰ্বাধিক বল কৰা তৃতীয় শ্ৰেষ্ঠ খেলুৱৈ। ৪০,৭০৫টা বল কৰিছিল ৱাৰ্ণে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|