• Home
  • »
  • News
  • »
  • world
  • »
  • ২৩ বছৰীয়া ৰেকৰ্ড অক্ষুণ্ণ ৰাখিব পাৰিবনে ভাৰতে? কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হ’ব মুখামুখি

২৩ বছৰীয়া ৰেকৰ্ড অক্ষুণ্ণ ৰাখিব পাৰিবনে ভাৰতে? কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হ’ব মুখামুখি

কাইলৈ বিশ্বকাপৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰাৰ চেষ্টা চলাব ভাৰতে

কাইলৈ বিশ্বকাপৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰাৰ চেষ্টা চলাব ভাৰতে

কাইলৈ বিশ্বকাপৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰাৰ চেষ্টা চলাব ভাৰতে

  • Share this:
    কাইলৈ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ হাই ভল্টেজ মেচ। বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ ৮ বাৰ মুখামুখি হৈছে। য’ত ভাৰতে পাঁচবাৰ জয়ী হোৱাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ জয়ী হৈছে ৩ বাৰ। ভাৰতে ১৯৯৬ চনৰ বিশ্বকাপতে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেষবাৰৰ কাৰণে পৰাস্ত হৈছিল।

    ২৭ জুনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজে বিশ্বকাপত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব। মনচেষ্টাৰত খেলিবলগীয়া মেচখনকলৈ এতিয়া গভীৰ আত্মবিশ্বাসী দুয়োটা দল।


    বিশ্বকাপত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচ।

    ৯ জুন ১৯৭৯ঃ ভাৰতে বান্ধি দিয়া ১৯০ ৰাণৰ লক্ষ্য ৫১.৩ অভাৰতে অতিক্ৰম কৰি মেচখনত জয়লাভ কৰিছিল ৱেষ্ট ইণ্ডিজে।


    বিশ্বকাপ ১৯৮৩

    ১৯৮৩ চনৰ বিশ্বকাপ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত সোনালী আখৰে সদায় জ্বিলিকি আছে। বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচত ভাৰতে প্ৰথমে বেট ধৰি ২৬২ ৰান সংগ্ৰহ কৰিছিল। যাৰ প্ৰত্তুতৰত ৱেষ্ট ইণ্ডিজে ২২৮ ৰানত ইনিংছ সমাপ্ত কৰি পৰাজয়বৰণ কৰিছিল।


    ১৯৮৩ চনৰ ১৫ জুনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হোৱা বিশ্বকাপৰ মেচত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি ২৮২ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ২৮৩ ৰানৰ লক্ষ্য আগত লৈ ভাৰতে মাত্ৰ ২১৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে।

    ২৫ জুন ১৯৮৩ চনত ভাৰতে বেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিছিল।


    বিশ্বকাপ ১৯৯২ ত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হয় ভাৰত


    বিশ্বকাপ ১৯৯৬ ত বেষ্ট ইণ্ডিজে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্য ভাৰতে টেণ্ডুলকাৰৰ ৭০ ৰানৰ সহায়ত মাত্ৰ ৩৯.৪ অভাৰতে অতিক্ৰম কৰে।

    বিশ্বকাপ ২০১১ ত ১৫ বছৰৰ পিছত দুয়োটা দল মুকামুখি হৈছিল। মেচখনত ভাৰতে প্ৰথমে বেট ধৰি যুৱৰাজৰ ১১৩ ৰানৰ শতকৰ সহায়ত বেষ্ট ইণ্ডিজৰ সন্মুখত ২৬৮ ৰানৰ লক্ষ্য বান্ধি দিছিল। যাৰ প্ৰত্তুতৰত বেষ্ট ইণ্ডিজে মাত্ৰ ১৮৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে।


    বিশ্বকাপ ২০১৫ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হোৱা বিশ্বকাপৰ মেচত প্ৰথমে বেট ধৰি ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৮২ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। পিছত ভাৰতে মাত্ৰ ৩৯.১ অভাৰতে ৬ উইকেট হেৰুৱাই লক্ষ্য অতিক্ৰম কৰে


     
    First published: