আজি নিউজীলেণ্ডৰ বিৰুদ্ধে যুঁজিব ভাৰতে, বিশ্বকাপত ১৬ বছৰৰ পিছত মুখামুখি

বিশ্বকাপত দুয়োটা দলৰ মাজত অন্তিমখন খেল হৈছিল ২০০৩ চনত দক্ষিণ আফ্ৰিকাত।

news18assam
Updated:June 13, 2019, 7:19 AM IST
আজি নিউজীলেণ্ডৰ বিৰুদ্ধে যুঁজিব ভাৰতে, বিশ্বকাপত ১৬ বছৰৰ পিছত মুখামুখি
বিশ্বকাপত দুয়োটা দলৰ মাজত অন্তিমখন খেল হৈছিল ২০০৩ চনত দক্ষিণ আফ্ৰিকাত।
news18assam
Updated: June 13, 2019, 7:19 AM IST
আজি বিশ্বকাপত কোহলী বাহিনীৰ সন্মুখত বিশ্বকাপৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ ভিতৰত এটা। প্ৰত্যাহ্বান হৈছে নিউজীলেণ্ড দল। নিউজীলেণ্ড এটা এনেকুৱা দল যাৰ বিৰুদ্ধে ভাৰতীয় দলে বিশ্বকাপত কেতিয়াও সহজভাৱে খেলিব পৰা নাই। দুয়োটা দলে বিশ্বকাপত সাতবাৰ মুখামুখি হৈছে। ইয়াৰ ভিতৰত ভাৰতে তিনিবাৰ জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে জয়লাভ কৰিছে চাৰিখন খেলত। ইয়াৰ ভিতৰত নিউজীলেণ্ডে তিনিখন ইংলেণ্ডত আৰু এখন খেল নিজৰ দেশত জয়লাভ কৰিছে। ভাৰতে দুখন খেল ঘৰুৱা মাটিত আৰু এখন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপত জয়লাভ কৰিছে।

বিশ্বকাপত দুয়োটা দলৰ মাজত অন্তিমখন খেল হৈছিল ২০০৩ চনত দক্ষিণ আফ্ৰিকাত। তেতিয়া সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিছিল। তেতিয়া জাহিৰ খানে চৰিটা আৰু হৰভজন সিঙে দুটা উইকেত দখল কৰিছিল। মহম্মদ কাঈফৰ ৬৮ আৰু ৰাহুল দ্ৰাবিড়ৰ ৫৩ ৰানৰ সহায়ত ৪১ অভাৰত লক্ষ্যত উপনীত হৈছিল ভাৰত।

এদিনীয়া মেচত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে মুঠ ১০৬খন মেচ। ইয়াৰ ভিতৰত ভাৰতে ৫৫খনত আৰু নিউজীলেণ্ডে ৪৫খনত জয়লাভ কৰিছে। ৫খন মেচ অমীমাংসিত আৰু এখন ড্ৰ’৸ হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি