IND VS ENG, 4th Day: (AFP)
ভাৰতক জিকিবলৈ ১৫৭ ৰাণৰ প্ৰয়োজন আৰু ৯ টা উইকেট বাকী আছে। খেলৰ চতুৰ্থ দিনা ইংলেণ্ডে ভাৰতৰ সন্মুখত ২০৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ভাৰতে কে এল ৰাহুলৰ (KL Rahul) মূল্যৱান উইকেট হেৰুৱায়।
ইংলেণ্ডৰ বিৰুদ্ধে নটিংহাম টেষ্টত (India vs England, 1st Test) ভাৰতীয় দলটো যথেষ্ট শক্তিশালী স্থিতিত আছে। ভাৰতক জিকিবলৈ ১৫৭ ৰাণৰ প্ৰয়োজন আৰু ৯ টা উইকেট বাকী আছে। খেলৰ চতুৰ্থ দিনা ইংলেণ্ডে ভাৰতৰ সন্মুখত ২০৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ভাৰতে কে এল ৰাহুলৰ (KL Rahul) মূল্যৱান উইকেট হেৰুৱাই, ২৬ ৰাণত ষ্টুৱাৰ্ট ব্ৰডৰ হাতত আউট হয় ৰাহুল। চতুৰ্থ দিনৰ খেলৰ শেষলৈকে ৰোহিত শৰ্মা আৰু চেতেশ্বৰ পূজাৰা ক্ৰীজত আছিল।
চতুৰ্থ দিনৰ নায়ক যশপ্ৰীত বুমৰাহে (Jasprit Bumrah) দ্বিতীয় ইনিংছত ইংলেণ্ডৰ পাঁচজন বেটছমেনক পেভিলিয়নলৈ পঠিয়াবলৈ সক্ষম হয়। বুমৰাহে খেলখনত মুঠ ৯ টা উইকেট দখল কৰিছে। বুমৰাহে প্ৰথম ইনিংছত ৪ টা উইকেট দখল কৰিছিল। ইংলেণ্ডৰ অধিনায়ক জো ৰুটেও এটা সুন্দৰ শতক অৰ্জন কৰিছিল। জো ৰুটৰ বেটে ১০৯ ৰাণ দিছিল। অৱশ্যে, দ্বিতীয় ইনিংছত ইংলেণ্ড ৩০৩ ৰাণত আউট হয় আৰু ভাৰতে মাত্ৰ ২০৯ ৰাণৰ লক্ষ্য লাভ কৰে। কাইলৈৰ দিনটো আকৰ্ষণীয় হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|