যুৱৰাজৰ পিতৃ যোগৰাজে ক’লে– ধোনীৰ বাবে ৱৰ্ল্ড কাপ ছেমিফাইনেলত হাৰিলে ভাৰত

আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ছেমিফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়া ১৮ ৰানত পৰাজয় বৰণ কৰিলে, ইয়াৰ পিছতে লেহেমীয়া গতিত খেলাৰ অভিযোগ উত্থাপন হৈছে ধোনীৰ বিৰুদ্ধে।

News18-Assam
Updated:July 13, 2019, 2:21 PM IST
যুৱৰাজৰ পিতৃ যোগৰাজে ক’লে– ধোনীৰ বাবে ৱৰ্ল্ড কাপ ছেমিফাইনেলত হাৰিলে ভাৰত
আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ছেমিফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়া ১৮ ৰানত পৰাজয় বৰণ কৰিলে, ইয়াৰ পিছতে লেহেমীয়া গতিত খেলাৰ অভিযোগ উত্থাপন হৈছে ধোনীৰ বিৰুদ্ধে।
News18-Assam
Updated: July 13, 2019, 2:21 PM IST
আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ছেমিফাইনেলত টীম ইণ্ডিয়াৰ যাত্ৰা সমাপ্ত। লীগ ষ্টেজত সুন্দৰ প্ৰদৰ্শন কৰা টীম ইণ্ডিয়া ছেমিফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ১৮ ৰানত পৰাস্ত হ’ল। যুৱৰাজৰ পিতৃ যোগৰাজে এই পৰাজয়ৰ দায়ী কেৱল মাত্ৰ ধোনী বুলি ক’লে। যোগৰাজ সিংঙে NNIS Sportsৰ হোৱা সাক্ষাতত ক’লে যে ধোনীৰ লেহেমীয়া ইনিংছে ডুবালে ভাৰতীয় দলটোক। যোগৰাজে ক’লে, ‘ৰবীন্দ্ৰ জাডেজাই কোনোধৰণৰ চিন্তা নকৰাকৈ নিজৰ ষ্টাইলত খেলিছিল। আনফালে খেলি আছিল ধোনী। ধোনীয়ে জাডেজাক শ্বট মাৰিবলৈ কৈ আছিল। ইয়াৰ পূৰ্বে ধোনীয়ে পাণ্ডিয়াকো স্পিনাৰ্ছৰ বিৰুদ্ধে শ্বট খেলিবলৈ কৈছিল।

যোগৰাজে ক’লে, ‘মহেন্দ্ৰ সিং ধোনী, তুমি ইমান ক্ৰিকেট খেলিলা। তুমি নাজানা নেকি কি কৰিব লাগে বা নালাগে? ধোনী তুমি বহুকেইটা সুযোগ পাইছিলা য’ত তুমি ছিক্স মাৰিব পাৰিলাহেতেন, কিন্তু সেইসময়ত তোমাৰ কি হৈছিল, নে তুমি এইটো চিন্তা কৰি আছিলা যে তুমি আউট হৈ যাবা। অৱশেষত কি হ’ল?



 
আৰু চাওক পৰৱৰ্তী বাতৰি