বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীক গৰ্বিত কৰা মহম্মদ ছামী নিৰ্লজ্জ,অৰ্কমণ্য...কোনে ক’লে?

বিশ্বকাপত বলিং বিক্ৰম মহম্মদ ছামীৰ। দেশ গদ গদ...কিন্তু পত্নীয়ে ক’লে, ‘ছামী নিৰ্লজ্জ, অৰ্কমণ্য’, ছোৱালীৰ হেনো পিছেই নেৰে ছামীয়ে!

News18-Assam
Updated:June 28, 2019, 6:54 PM IST
বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীক গৰ্বিত কৰা মহম্মদ ছামী নিৰ্লজ্জ,অৰ্কমণ্য...কোনে ক’লে?
বিশ্বকাপত বলিং বিক্ৰম মহম্মদ ছামীৰ। দেশ গদ গদ...কিন্তু পত্নীয়ে ক’লে, ‘ছামী নিৰ্লজ্জ, অৰ্কমণ্য’, ছোৱালীৰ হেনো পিছেই নেৰে ছামীয়ে!
News18-Assam
Updated: June 28, 2019, 6:54 PM IST
বিশ্বকাপত নিজৰ দুৰ্দান্ত বলিঙেৰে এতিয়া সকলোকে মুগ্ধ কৰিছে মহম্মদ ছামীয়ে। আফগানিস্তানৰ বিৰুদ্ধে হেটট্ৰিক লোৱা মহম্মদ ছামীয়ে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিলে। দুয়োখন খেলতে চাৰিটাকৈ উইকেট দখল কৰি ছামীয়ে ল’লে ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা। কিন্তু এতিয়াও প্ৰতিমুহূৰ্ততে ছামীয়ে যুঁজিবলগীয়া হৈছে পাৰিবাৰিক কন্দলৰ সৈতে!

সমগ্ৰ দেশ বাসীয়ে ছামীৰ এতিয়া বাহ বাহ দিয়াৰ সময়তে খেলুৱৈ গৰাকীৰ পত্নীয়ে এইবাৰ ছামীক উদ্দেশ্যি কৰিছে তীৰ্যক মন্তব্য। ছচিয়েল মিডিয়াত ছামীৰ পত্নী হাছিন জাহানে ছামীক এজন নিৰ্লজ্জ, অৰ্কমণ্য আৰু অভব্য ব্যক্তি বুলি উল্লেখ কৰাৰ লগতে পৰ স্ত্ৰীৰ প্ৰতি ছামী অত্যন্ত দুৰ্বল বুলি অভিযোগ কৰে।

ছামীৰ টিকটক একাউণ্টৰ প্ৰসংগক টানি আনি হাছিন হাজানে কয় যে ছামীয়ে টিকটকত মুঠ ফ’ল কৰা ৯৭ গৰাকীৰ ভিতৰত ৯০ গৰাকীয়ে হ’ল মহিলা।

আৰু চাওক পৰৱৰ্তী বাতৰি