IND VS NZ: অব্যাহত আছে বৰষুণ, ৫০ অভাৰ খেলৰ সম্ভাৱণা ক্ষীণ!

মেচখনত এতিয়া বতৰে দিছে বিধি পথালি।

Dulu Medhi | news18assam
Updated:June 13, 2019, 6:39 PM IST
IND VS NZ: অব্যাহত আছে বৰষুণ, ৫০ অভাৰ খেলৰ সম্ভাৱণা ক্ষীণ!
মেচখনত এতিয়া বতৰে দিছে বিধি পথালি।
Dulu Medhi | news18assam
Updated: June 13, 2019, 6:39 PM IST
আজি নাচিংহামত অনুষ্ঠিত হ’ব লগীয়া ভাৰত আৰু নিউজীলেণ্ডৰ মাজত হ’বলগীয়া বিশ্বকাপৰ মেচখনত এতিয়া বতৰে দিছে বিধি পথালি। অব্যাহত থকা বৰষুণৰ বাবে এতিয়া মেচখন অনুষ্ঠিত হোৱাৰ সম্ভাৱণা ক্ষীণ।



কিছু সময়ৰ আগতে বৰষুণ এৰিছিল যদিও এতিয়া আকৌ আৰম্ভ হৈছে বৰষুণ। বৰষুণ এৰিলেও এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি ৫০ অভাৰ খেল হোৱাৰ সম্ভাৱণা ক্ষীণ।



উল্লেখযোগ্য যে আজি বিশ্বকাপত কোহলী বাহিনীৰ সন্মুখত বিশ্বকাপৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ ভিতৰত এটা। প্ৰত্যাহ্বান হৈছে নিউজীলেণ্ড দল। নিউজীলেণ্ড এটা এনেকুৱা দল যাৰ বিৰুদ্ধে ভাৰতীয় দলে বিশ্বকাপত কেতিয়াও সহজভাৱে খেলিব পৰা নাই। দুয়োটা দলে বিশ্বকাপত সাতবাৰ মুখামুখি হৈছে। ইয়াৰ ভিতৰত ভাৰতে তিনিবাৰ জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে জয়লাভ কৰিছে চাৰিখন খেলত।



ইয়াৰ ভিতৰত নিউজীলেণ্ডে তিনিখন ইংলেণ্ডত আৰু এখন খেল নিজৰ দেশত জয়লাভ কৰিছে। ভাৰতে দুখন খেল ঘৰুৱা মাটিত আৰু এখন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপত জয়লাভ কৰিছে।বিশ্বকাপত দুয়োটা দলৰ মাজত অন্তিমখন খেল হৈছিল ২০০৩ চনত দক্ষিণ আফ্ৰিকাত।
আৰু চাওক পৰৱৰ্তী বাতৰি