• Home
  • »
  • News
  • »
  • world
  • »
  • IND vs NZ: অন্তিম টেষ্টত আত্মপ্ৰকাশ কৰিব কে.এছ. ভৰতে, শুভমান গিলৰ সৈতে নামিব অপেনিঙত ! কোন কোন ওলাব প্লেয়িং ইলেভেনৰ পৰা ?

IND vs NZ: অন্তিম টেষ্টত আত্মপ্ৰকাশ কৰিব কে.এছ. ভৰতে, শুভমান গিলৰ সৈতে নামিব অপেনিঙত ! কোন কোন ওলাব প্লেয়িং ইলেভেনৰ পৰা ?

ভাৰত আৰু নিউজিলেণ্ডৰ (Ind Vs Nz) মাজৰ এই খেলখনত সকলোৰে দৃষ্টি খেলখনৰ বাবে ভাৰতীয় দলৰ সংমিশ্ৰণৰ ওপৰতো আছে। অন্তিমখন খেল ৩ ডিচেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত (Wankhede Stadium) অনুষ্ঠিত হ'ব।

  • Share this:
কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন টেষ্টত জয়ৰ পৰা বঞ্চিত হোৱাৰ পিছত, ভাৰতীয় দলে এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা (IND vs NZ) জিকিবলৈ চেষ্টা কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া শৃংখলাটোৰ দ্বিতীয় আৰু অন্তিমখন খেল ৩ ডিচেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত (Wankhede Stadium) অনুষ্ঠিত হ'ব। অৱশ্যে, এই খেলখন বৰষুণৰ ফলত বাধাপ্ৰাপ্ত হ'ব পাৰে। মুম্বাইত বৰষুণৰ ভৱিষ্যতবাণী কৰা হৈছে। ৱাংখেডে ষ্টেডিয়ামৰ পিটছখনো বলাৰ অনুকূল হ'ব বুলি আশা কৰা হৈছে। বিৰাট কোহলীয়ে মুম্বাই টেষ্টলৈ উভতি আহিব। এনে পৰিস্থিতিত, দলটোক আকৌ এবাৰ একত্ৰিত কৰিব লাগিব। ঋদ্ধিমান সাহা ডিঙিত জঠৰতাৰ বাবে এই টেষ্ট মেচৰ পৰা বাহিৰ হ'ব পাৰে। তেনে ক্ষেত্ৰত, কে.এছ. ভৰতে এটা সুযোগ পাব পাৰে।

ভাৰত আৰু নিউজিলেণ্ডৰ (Ind Vs Nz) মাজৰ এই খেলখনত সকলোৰে দৃষ্টি খেলখনৰ বাবে ভাৰতীয় দলৰ সংমিশ্ৰণৰ ওপৰতো আছে। অধিনায়ক বিৰাট কোহলীৰ প্লেয়িং ইলেভেনলৈ উভতি অহাৰ ফলত এজন বেটছমেন প্ৰস্থান কৰিব বুলি আশা কৰা হৈছে। মায়াংক আগৰৱালা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: