உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • India vs England Third Test: তাচপাতৰ দৰে খহিল বিৰাট বাহিনী ! প্ৰথম ইনিংছত ভাৰতীয় বেটছমেনৰ মুখথেকেচা...

    India vs England Third Test: তাচপাতৰ দৰে খহিল বিৰাট বাহিনী ! প্ৰথম ইনিংছত ভাৰতীয় বেটছমেনৰ মুখথেকেচা...

    India vs England Third Test: এণ্ডাৰছনে দখল কৰিলে ৩টা উিকেট (AP)

    India vs England Third Test: এণ্ডাৰছনে দখল কৰিলে ৩টা উিকেট (AP)

    India vs England Third Test: তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত (IND vs ENG) আয়োজক দল ইংলেণ্ডে টীম ইণ্ডিয়াক (Team India) মাত্ৰ ৭৮ ৰাণত অলআউট কৰে। ভাৰতে ১১ ৰাণত অন্তিম ৫ টা উইকেট হেৰুৱায়।

    • Share this:
    ইংলেণ্ডে ৫ খন খেলৰ টেষ্ট শৃংখলাত এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে। তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত (IND vs ENG) আয়োজক দল ইংলেণ্ডে টীম ইণ্ডিয়াক (Team India) মাত্ৰ ৭৮ ৰাণত অলআউট কৰে। ভাৰতে ১১ ৰাণত অন্তিম ৫ টা উইকেট হেৰুৱায়। ইংলেণ্ডৰ হৈ পেচাৰ জেমছ এণ্ডাৰছন আৰু ক্ৰেগ অভাৰটনে ৩টাকৈ উইকেট দখল কৰে। পাঁচখন খেলৰ শৃংখলাত টীম ইণ্ডিয়া ১-০ত আগবাঢ়ি আছে।

    জেমছ এণ্ডাৰছনৰ নেতৃত্বত ইংলেণ্ডৰ সকলো বলাৰে সঠিক ৰেখা আৰু দৈৰ্ঘ্যৰ সৈতে বলিং কৰে, যাৰ ফলত ভাৰতীয় বেটছমেনসকলে ৰাণ সংগ্ৰহ কৰাত সমস্যাৰ সৃষ্টি হয়। ৰাতিপুৱাৰ ভাগত ইংলেণ্ডৰ বলাৰসকলৰ আধিপত্য এই কথাৰ পৰা অনুমান কৰিব পাৰি যে দুপৰীয়াৰ লাঞ্চৰ আগতে ২৫.৫ অভাৰত মাত্ৰ পাঁচটা বাউণ্ডেৰী কোবাইছিল ভাৰতৰ বেটছমেনে। ভাৰতীয় বেটছমেনসকলে অফ চাইডৰ বাহিৰৰ বলৰ সৈতে খেলিমেলি কৰাৰ ফল ভুগিব লগা হৈছে। অৱশ্য়ে এতিয়াও প্ৰত্য়াৱৰ্তনৰ আশাত আছে ভাৰতীয় দল।
    Published by:Kokil Sarma
    First published: