• Home
  • »
  • News
  • »
  • world
  • »
  • IND vs ENG: ইংলেণ্ডত দ্ৰুততম টেষ্ট অৰ্ধশতক অৰ্জন কৰিলে শাৰ্দুল ঠাকুৰে ! ১টা বলৰ বাবে ভংগ কৰিব নোৱাৰিলে কপিলদেৱৰ অভিলেখ...

IND vs ENG: ইংলেণ্ডত দ্ৰুততম টেষ্ট অৰ্ধশতক অৰ্জন কৰিলে শাৰ্দুল ঠাকুৰে ! ১টা বলৰ বাবে ভংগ কৰিব নোৱাৰিলে কপিলদেৱৰ অভিলেখ...

Fastest Test 50 In England (AFP)

Fastest Test 50 In England (AFP)

Ind Vs Eng: ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৫ খন টেষ্টৰ শৃংখলাৰ চতুৰ্থখন খেল অভেলত অনুষ্ঠিত হৈছে। পেচাৰ শাৰ্দুল ঠাকুৰে (Shardul Thakur) মাত্ৰ ৩৬ টা বলত ৫৭ ৰাণ কৰিছে।

  • Share this:
Ind Vs Eng: ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৫ খন টেষ্টৰ শৃংখলাৰ চতুৰ্থখন খেল অভেলত অনুষ্ঠিত হৈছে। ইংলেণ্ডে টছত জিকি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ মাতিছিল। কিন্তু লিডছৰ দৰে ভাৰতীয় বেটছমেনসকলক চুইং বলাৰৰ ওচৰত আত্মসমৰ্পণ কৰা দেখা গৈছিল। বিৰাট কোহলীৰ সেনা৬১.৩ অভাৰত ১৯১ ৰাণত অলআউট হৈছিল। অধিনায়ক বিৰাট কোহলীয়ে ভাৰতৰ হৈ ৫০ ৰাণ সংগ্ৰহ কৰিছিল। কিন্তু পেচাৰ শাৰ্দুল ঠাকুৰে (Shardul Thakur) অধিক ৰাণ সংগ্ৰহ কৰে। শাৰ্দুলে মাত্ৰ ৩৬ টা বলত ৫৭ ৰাণ কৰিছে।

তেওঁ ৭ টা চাৰি আৰু ৩ টা ছয় মাৰিছিল। অৰ্থাৎ, মাত্ৰ বাউণ্ডেৰীৰ দ্বাৰা ৪৬ ৰাণ সংগ্ৰহ কৰিছিল। শাৰ্দুলে ৰবিনছনৰ বলত এটা ছক্কাৰে তেওঁৰ ৫০ ৰাণ সম্পূৰ্ণ কৰিছিল। ভাৰতীয় পেচাৰগৰাকীয়ে মাত্ৰ ৩১ টা বলত ৫০ ৰাণ সম্পূৰ্ণ কৰে। এইটো ইংলেণ্ডত দ্ৰুততম টেষ্ট অৰ্ধশতক। এই ৰেকৰ্ডটো শাৰ্দুলৰ আগত ইয়ান বথামৰ হাতত আছিল। তেওঁ ১৯৮৬ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩২ বলত অৰ্ধশতক অৰ্জন কৰিছিল। আমোদজনক ভাৱে, দুয়োটা অৰ্ধ-শতক অভেলত আহিছে। টেষ্ট ক্ৰিকেটত এইটো ভাৰতৰ দ্বিতীয় দ্ৰুততম অৰ্ধশতক। কপিল দেৱে টেষ্টত ভাৰতৰ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ গঢ়ি থৈছে।

কপিল দেৱে টেষ্টত দ্ৰুততম অৰ্ধশতকৰ অভিলেখ গঢ়িছিল
কপিলে ১৯৮২ চনত পাকিস্তানৰ বিৰুদ্ধে ৩০ বলত অৰ্ধশতক অৰ্জন কৰিছিল। তেওঁ সেই বছৰতে ইংলেণ্ডৰ বিৰুদ্ধে ৩৩ বলত অৰ্ধশতক অৰ্জন কৰিছিল। ইয়াৰ পূৰ্বে ১৯৭৮ চনত ভাৰতৰ প্ৰাক্তন অধিনায়কজনে পাকিস্তানৰ বিৰুদ্ধে ৩৩ বলৰ টেষ্ট অৰ্ধশতক কৰিছিল। তেওঁৰ উপৰিও বীৰেন্দ্ৰ ছেহৱাগে ২০০৮ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৩২ টা বলত ৫০ ৰাণ সম্পূৰ্ণ কৰিছিল।
Published by:Kokil Sarma
First published: