বিশ্বকাপত ভাৰতীয় সেনাক সমৰ্থন কৰি বিপদত ধোনী, ICC এ কৰিব তদন্ত

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেলত ধোনীয়ে পিন্ধা উইকেট কিপিং গ্ল’ভচ্ ত আছিল ভাৰতীয় সেনাৰ ‘বলিদান’ চিহ্ন।

news18assam
Updated:June 6, 2019, 10:06 PM IST
বিশ্বকাপত ভাৰতীয় সেনাক সমৰ্থন কৰি বিপদত ধোনী, ICC এ কৰিব তদন্ত
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেলত ধোনীয়ে পিন্ধা উইকেট কিপিং গ্ল’ভচ্ ত আছিল ভাৰতীয় সেনাৰ ‘বলিদান’ চিহ্ন।
news18assam
Updated: June 6, 2019, 10:06 PM IST
ইংলেণ্ডৰ ছাউথেম্পটনত বিজয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলে টীম ইণ্ডিয়াই। ক্ৰিকেটৰ এই মহাকুম্ভত প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে ভাৰতে। কিন্তু খেলৰ মাজতে সকলোকে আচৰিত কৰিলে মহেন্দ্ৰ সিং ধোনীৰ উইকেট কিপিং গ্ল’ভছে। ধোনীৰ গ্ল’ভছত দেখা গৈছিল ভাৰতীয় সেনাৰ প্ৰতিকি চিহ্ন ‘বলিদান বেজ’ ।  এই বেজ ব্যৱহাৰ কৰে পেৰা–কমাণ্ডোৱে।



কিন্তু এতিয়া ভাৰতীয় সেনাৰ প্ৰতিকি চিহ্ন ‘বলিদান বেজ’ চিহ্ন থকা গ্ল’ভছ পৰিধান কৰি বিপদত পৰিছে ভাৰতীয় দলৰ উইকেট কিপাৰ বেটচমেন মহেন্দ্ৰ সিং ধোনী। বলিদানৰ চিহ্ন থকা গ্ল’ভছ পৰিধান কৰি এতিয়া আইচিচিৰ ৰোষত পৰিছে ধোনী। আইচিচিয়ে ধোনীক নিজৰ গ্ল’ভছ ৰ পৰা বলিদান চিহ্ন আঁতৰাবলৈ নিৰ্দেশ দিয়াৰ লগতে এক তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। এই বিষয়ে স্পষ্টিকৰণ বিচাৰি এতিয়া  আইচিচিয়ে ভাৰতীয় ক্ৰিকেট বৰ্ডলৈও কৰিছে আৱেদন।



উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ক্ৰিকেটৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনত টেৰিটৰিয়েল আৰ্মীৰ লেফটেনেণ্ট কৰ্ণেল পদৰ সন্মান দিয়া হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি