আকৌ ‘বলিদান’ গ্ল’ভছ পিন্ধিলে কি শাস্তি হ’ব মহেন্দ্ৰ সিং ধোনীৰ! ICCৰ স্পষ্টীকৰণ

বিশ্বকাপৰ পৰৱৰ্তী মেচত ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ পিন্ধাত আইচিচিয়ে বাধা দিলে মহেন্দ্ৰ সিং ধোনীক

news18assam
Updated:June 8, 2019, 12:15 PM IST
আকৌ ‘বলিদান’ গ্ল’ভছ পিন্ধিলে কি শাস্তি হ’ব মহেন্দ্ৰ সিং ধোনীৰ! ICCৰ স্পষ্টীকৰণ
বিশ্বকাপৰ পৰৱৰ্তী মেচত ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ পিন্ধাত আইচিচিয়ে বাধা দিলে মহেন্দ্ৰ সিং ধোনীক
news18assam
Updated: June 8, 2019, 12:15 PM IST
বিশ্বকাপৰ ভাৰতৰ প্ৰথমখন মেচত ভাৰতীয় সেনাৰ ‘বলিদান’ চিহ্ন থকা উইকেট কিপাৰ গ্ল’ভছ পৰিধান কৰি বিতৰ্কত সোমাই পৰিছিল ধোনী। আইচিচি –এ খেলপথাৰত ধোনীয়ে বলিদান চিহ্নৰ গ্ল’ভছ পৰিধান কৰা সন্দৰ্ভত স্পষ্টিকৰণ বিচাৰিছিল। এতিয়া যেন মহেন্দ্ৰ সিং ধোনীয়ে বলিদান বেজ পিন্ধাৰ বিবাদ নিষ্পত্তি হোৱাৰ নাম নোলোৱা হৈছে। ভাৰতীয় ক্ৰিকেট অনুৰাগী আৰু বিচিচিআইয়ে ধোনীলৈ সমৰ্থন আগবঢোৱাৰ সময়তে আকৌ এবাৰ বলিদান গ্ল’ভছ সন্দৰ্ভত মুখ খুলিছে আইচিচিয়ে। ২০১৯ বিশ্বকাপৰ ভাৰতে ভাগ লবলগীয়া পৰৱৰ্তী মেচ সমূহত মহেন্দ্ৰ সিং ধোনীয়ে পৰিধান কৰিব নোৱাৰিব ‘বলিদান’ চিহ্ন সম্বলিত উইকেট কিপিং গ্ল’ভছ।



আইচিচিয়ে কয় যে ধোনীয়ে এনেদৰে ‘বলিদান’ চিহ্ন থকা উইকেট কিপাৰ গ্ল’ভছ পৰিধান কৰি আইচিচিৰ নিয়ম উলংঘা কৰিছে। সেইদৰে আইচিচিয়ে কেতিয়াও এনেদৰে নিয়ম উলংঘন সহ্য নকৰে। ধোনীয়েও কোনো কাৰণতে অমান্য কৰিব নোৱাৰিব আইচিচিৰ নিয়ম। সেইদৰে উইকেট গ্ল’ভছকলৈ আইচিচিৰ যি নিয়ম আছে, সেই নিয়মো উলংঘন কৰিছে ধোনীয়ে।



 

এইবাৰ ধোনীয়ে এই নিয়ম উলংঘন কৰিলে সন্মুখীন হ’ব পাৰে শাস্তি। হয়টো বিশ্বকাপৰ দুই এখন মেচত ভাগ লোৱাৰ পৰা বঞ্চিতও হ’ব পাৰে ধোনী! আইচিচিৰ বিষয়াৰ মন্তব্য অনুসৰি খেলপথাৰত পোছাক বা অন্য আচৰণৰ জৰিয়তে খেলপথাৰত কোনো ৰাজনীতি বা অন্য ৰাষ্ট্ৰক আঘাত হনা কাম কেতিয়াও সমৰ্থন নকৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি