নিউজীলেণ্ডৰ পৰাজয়ৰ পিছত ICCক লক্ষ্য, ইংলেণ্ডৰ জয়ত ক্ৰিকেট তাৰকা আৰু অনুৰাগীয়ে উঠালে প্ৰশ্ন

আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ফাইনেলত ইংলেণ্ডে হৰুৱালে নিউজীলেণ্ডক। প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড কাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ইংলেণ্ডে।
আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ফাইনেলত ইংলেণ্ডে হৰুৱালে নিউজীলেণ্ডক। প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড কাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ইংলেণ্ডে।
- News18 Assam
- Last Updated: July 15, 2019, 11:01 AM IST
গৌতম গম্ভীৰে টুইট কৰি আইচিচিক সুধিলে যে মই বুজি পোৱা নাই যে এইধৰণৰ খেলত অধিক বাউণ্ডেৰী কোবোৱা দলক কেনেকৈ জয়ী ঘোষণা কৰা হয়। এই খেলখন টাই হ’ব লাগিছিল। মই নিউজীলেণ্ড আৰু ইংলেণ্ডক ৰোমাঞ্চকৰ ফাইনেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো। দুয়োটো দলে জয়ী হৈছে।


হিন্দী কমেণ্টৰী কৰা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাই লিখিলে যে ধাৰাবাহিকভাৱে ২খন ফাইনেল মেচ হেৰুৱালে, দ্বিতীয়খন ফাইনেল কম বাউণ্ডেৰী কোবোৱা বাবে হেৰুৱালে। নিউজীলেণ্ডৰ সৈতে সহানুভূতি নথকাটো অসম্ভৱ। এই দলটোৱে মন জয় কৰিছে।





মেচৰ সংক্ষিপ্ত বিবৰণ
অৱেশষত ৪৪ বছৰৰ পিছত সম্পূৰ্ণ হ’ল ইংলেণ্ড দলটোৰ বিশ্ব বিজেতা হোৱাৰ সপোন। ইংলেণ্ডে আইচিচি বিশ্বকাপ ২০১৯ৰ ফাইনেলত নিউজীলেণ্ডক ছুপাৰ অভাৰত হৰুৱাই প্ৰথমবাৰৰ বাবে বিশ্ব বিজেতাৰ খিতাপ দখল কৰিলে। ইংলেণ্ডে জয়ী হ’বলৈ নিউজীলেণ্ডে ২৪২ ৰানৰ লক্ষ্য বান্ধি দিছিল কিন্তু বেন ষ্টোকছৰ নট আউট ৮৪ ৰান আৰু যোশ বটলৰৰ ৫৯ ৰানৰ ইনিংছৰ পিছতো ইংলেণ্ড ৫০ অভাৰত ২৪১ ৰান কৰি অল আউট হৈছিল আৰু দুয়োটা দলৰ স্কোৰ টাই হৈছিল।

মেচখন খেলা হ’ল ছুপাৰ অভাৰেৰে। ৱৰ্ল্ড কাপৰ ইতিহাসত প্ৰথমবাৰলৈ এই ঘটনা সংঘটিত হৈছে য’ত বিজয়ীক ছুপাৰ অভাৰত নিৰ্বাচিত কৰা হ’ল। ইংলেণ্ডে ছুপাৰ অভাৰত সংগ্ৰহ কৰিলে ১৫ ৰান আৰু কিৱি টীমক ১৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ছুপাৰ অভাৰত নিউজীলেণ্ডৰ জয় দেখা গৈছিল। দলটোক শেষৰ বলটোত ২ৰানৰ প্ৰয়োজন হৈছিল কিন্তু ১ ৰানহে কৰিবলৈ সক্ষম হ’ল আৰু স্কোৰ দুয়োটা দলৰে সমান হ’ল। যাৰ বাবে ইংলেণ্ডে মেচখনত নিউজীলেণ্ডতকৈ অধিক বাউণ্ডেৰী কোবোৱা বাবে জয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়।