ধৱনৰ শতকেৰে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতে!

শিখৰ ধৱনৰ শতকৰ সহায়ত বিশ্বকাপত ভাৰতীয় বেটচমেনে এতিয়ালৈকে মুঠ ২৭ টা শতৰান সংগ্ৰহ কৰিলে।

news18assam
Updated:June 9, 2019, 7:59 PM IST
ধৱনৰ শতকেৰে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতে!
শিখৰ ধৱনৰ শতকৰ সহায়ত বিশ্বকাপত ভাৰতীয় বেটচমেনে এতিয়ালৈকে মুঠ ২৭ টা শতৰান সংগ্ৰহ কৰিলে।
news18assam
Updated: June 9, 2019, 7:59 PM IST
চলিত বিশ্বকাপৰ দ্বিতীয়খন খেলত শতৰান ভাৰতৰ বিস্ফোৰক বেটছমেন শিখৰ ধৱনৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০৯টা বলত ধৱনে মুঠ ১১৭ ৰান সংগ্ৰহ কৰে।এইটো আছিল ধৱনৰ কেৰিয়াৰৰ ১৭ সংখ্যক শতৰান।



ধৱনৰ শতকৰ পিছত এতিয়া ভাৰতে বিশ্বকাপত এক নতুন অভিলেখ গঢ়িলে। ধৱনৰ শতকৰ পিছত বিশ্বকাপৰ ইতিহাসত ভাৰতীয় বেটচমেনে এতিয়ালৈকে মুঠ ২৭ টাকৈ শতৰান সংগ্ৰহ কৰিলে। ধৱনৰ শতৰনৰ আগত ভাৰত আৰু অষ্ট্ৰেলিয়াই বিশ্বকাপত ২৬ টাকৈ শতৰান কৰি সমসংখ্যক স্থানত আছিল।



বিশ্বকাপত এতিয়ালৈকে অষ্ট্ৰেলিয়াই  ২৬ টা শতৰান সংগ্ৰহ কৰাৰ বিপৰীতে শ্ৰীলংকাৰ নামত আছে ২৩ টা শতক, সেইদৰে ৱেষ্টইণ্ডিজ,নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকাৰ নামত আছে ক্ৰমে ১৭,১৫ আৰু ১৪ টাকৈ শতক
আৰু চাওক পৰৱৰ্তী বাতৰি