IND vs BAN মেচত কিমান পৰিব বৰষুণৰ প্ৰভাৱ? কেনেকুৱা হ’ব বতৰ

বিশ্ব কাপত দলসমূহৰ খেল বিৰোধীৰ দলতকৈ বেছি বতৰেহে ক্ষতিসাধন কৰিছে। আজি বাৰ্মিংহামৰ আকাশত থাকিব মেঘ।

News18-Assam
Updated:July 2, 2019, 11:54 AM IST
IND vs BAN মেচত কিমান পৰিব বৰষুণৰ প্ৰভাৱ? কেনেকুৱা হ’ব বতৰ
বিশ্ব কাপত দলসমূহৰ খেল বিৰোধীৰ দলতকৈ বেছি বতৰেহে ক্ষতিসাধন কৰিছে। আজি বাৰ্মিংহামৰ আকাশত থাকিব মেঘ।
News18-Assam
Updated: July 2, 2019, 11:54 AM IST
এইবাৰৰ বিশ্বকাপত আটাইকেইটা দলে আটাইতকৈ বেছি ভয় খাইছে বতৰটোক লৈ। বতৰৰ বাবে কোনো এখন বিশ্বকাপত যদি খেল স্থগিত হৈছে তেন্তে এই বিশ্বকাপতেই বেছি হৈছে। বৰ্তমানলৈ ৪খন খেল বৰষুণৰ বাবে স্থগিত হৈছে, যাৰ বাবে দলসমূহক ছেমিফাইনেলত স্থান দখল কৰিবলৈ সংঘৰ্ষ কৰিবলগীয়া হৈছে আৰু কেইটামান দলৰ সপোন ইতিমধ্যে ভাঙি চূৰমাৰ হৈছে।

ভাৰতীয় দলটো ছেমিফাইনেলত ভৰি দিবলৈ মাত্ৰ এখন খেলত জয়ী হোৱা প্ৰয়োজন। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছত আজিৰ খেলখনক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে ক্ৰিকেটপ্ৰেমীৰ মাজত।

বাংলাদেশৰ দলটোৱেও ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ যিকোনোপ্ৰকাৰে এই খেলখনত বিজয় সাব্যস্ত কৰিব লাগিব। দুয়োটা দল সম্পূৰ্ণভাৱে সাজু হৈছে লগতে সাজু হৈছে অনুৰাগীয়ো, কিন্তু অনুৰাগীৰ এটাই চিন্তা সেইটো হ’ল বতৰ। যদি বেয়া বতৰৰ বাবে খেলখন স্থগিত হয় তেন্তে দুয়োটা দলে লাভ কৰিব এক নম্বৰকৈ আৰু এই নম্বৰৰ জোৰত ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰিলেও বাংলাদেশৰ সম্ভাৱনা সমাপ্ত হ’ব।

মঙলবাৰে বাৰ্মিংহামৰৰ আকাশ মেঘাচ্ছন্ন হৈ থাকিব কিন্তু ৰ’দো থাকিব। বাৰ্মিংহামৰ অধিকতম তাপমাত্ৰা ২০ ডিগ্ৰী ছেলচিয়াছৰ আশে–পাশে থাকিব যদিও নূন্যতম ৯ ডিগ্ৰীতকৈ কম হোৱাৰ সম্ভাৱনা। অনুৰাগীৰসকলৰ বাবে এটা ভাল খবৰ যে বৰষুণৰ সম্ভাৱনা যথেষ্ট কম।

 
আৰু চাওক পৰৱৰ্তী বাতৰি