ICC–ৰ ওপৰত নাৰাজ টিম ইণ্ডিয়া! ইংলেণ্ডত সুৰক্ষিত নহয় ভাৰতীয় দল

ইংলেণ্ডত ভাৰতীয় দলৰ চাল–চলনৰ ওপৰত ৰখা হৈছিল নজৰ!ভাৰতীয় দল থকা হোটেলত একাংশ লোকৰ গুন্দাগিৰি

news18assam
Updated:July 4, 2019, 9:43 PM IST
ICC–ৰ ওপৰত নাৰাজ টিম ইণ্ডিয়া! ইংলেণ্ডত সুৰক্ষিত নহয় ভাৰতীয় দল
ইংলেণ্ডত ভাৰতীয় দলৰ চাল–চলনৰ ওপৰত ৰখা হৈছিল নজৰ!ভাৰতীয় দল থকা হোটেলত একাংশ লোকৰ গুন্দাগিৰি
news18assam
Updated: July 4, 2019, 9:43 PM IST
ইংলেণ্ডত ভাৰতীয় দলৰ চাল–চলনৰ ওপৰত ৰখা হৈছিল নজৰ। পিছত বিষয়টো সন্দৰ্ভত আইচিচিক অৱগত কৰি ভাৰতীয় টিম মেনেজমেণ্টে দলৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু বিষয়টো সন্দৰ্ভত এতিয়ালৈকে কোনো গুৰুত্ব আৰূপ নকৰিলে আইচিচিয়ে।

বাংলাদেশক পৰাস্ত কৰি চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ স্থান চুড়ান্ত হোৱাৰ লগে লগে ভাৰত সপ্তমবাৰৰ বাবে উপনীত হ’ল বিশ্বকাপৰ ছেমি ফাইনেলত।কিন্তু এতিয়া আইচিচিৰ ওপৰত নাৰাজ ভাৰতীয় দলৰ মেনেজমেণ্ট। বিশ্বকাপ আৰম্ভ হোৱাৰ দিন ধৰি ইংলেণ্ডত ভাৰতীয় দলৰ চাল–চলনৰ ওপৰত ৰখা হৈছিল নজৰ। পিছত বিষয়টো সন্দৰ্ভত আইচিচিক অৱগত কৰিছিল ভাৰতীয় টিম মেনেজমেণ্টে লগতে ভাৰতীয় দলৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছিল, যদিও বিষয়টো সন্দৰ্ভত আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিলে আইচিচিয়ে।

উল্লেখযোগ্য যে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ মেচৰ দিনা ভাৰতীয় দল থকা হোটেলত একাংশ লোকে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। পিছত বিষয়টো সন্দৰ্ভত ভাৰতীয় দলে আইচিচিক অৱগত কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি