জয়েৰে বিশ্বকাপত অভিযান আৰম্ভ ইংলেণ্ডৰ, বিশ্বকাপৰ প্ৰথম মেচৰ ৫টা আকৰ্ষণীয় কথা

অভেলত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০১৯ ৰ প্ৰথমখন মেচত ১০৪ ৰাণৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে আয়োজক দেশ ইংলেণ্ডে।

news18assam
Updated:May 31, 2019, 3:25 PM IST
জয়েৰে বিশ্বকাপত অভিযান আৰম্ভ ইংলেণ্ডৰ, বিশ্বকাপৰ প্ৰথম মেচৰ ৫টা আকৰ্ষণীয় কথা
অভেলত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০১৯ ৰ প্ৰথমখন মেচত ১০৪ ৰাণৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে আয়োজক দেশ ইংলেণ্ডে।
news18assam
Updated: May 31, 2019, 3:25 PM IST
অভেলত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০১৯ ৰ প্ৰথমখন মেচত ১০৪ ৰাণৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে আয়োজক দেশ ইংলেণ্ডে। প্ৰথমে বেট ধৰি ইংলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৩১১ ৰাণৰ এক বৃহৎ লক্ষ্য বান্ধি দিয়ে যদিও দক্ষিণ আফ্ৰিকাই মাত্ৰ ২০৭ ৰাণতে নিজৰ ইনিংছ সামৰি পৰাজয় বৰণ কৰে। বিশ্বকাপৰ প্ৰথমখন খেলত জয়লাভ কৰিয়ে ইংলণ্ডে এতিয়া নিজৰ নামত লিখিলে বহুকেইটা অভিলেখ

২০১৯ ৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযাগিতাৰ ফেভাৰিট দল ইংলেণ্ডে প্ৰত্যাশিত ভাবেই নিজৰ প্ৰথমখন মেচত উন্নত প্ৰদৰ্শন দাঙি ধৰিছে।


বিশ্বকাপ ক্ৰিকেটত দ্বিতীয়বাৰৰ বাৰে দক্ষিণ আফ্ৰিকা এনেদৰে বৃহৎ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ আগতে বিগত বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৩০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল।


বিশ্বকাপত প্ৰথমখন খেলত ইংলেণ্ডৰ জয়ৰ নায়ক বেন ষ্ট্ৰোক আছিল। বেনে মেচ খনত দুটা উইকেট লোৱাৰ উপৰিও ৮৯ ৰাণৰ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।


মেচখনত ইংলেণ্ডৰ চাৰি গৰাকী খেলুৱৈয়ে ৫০ ৰাণৰ বৰঙনী আগবঢ়ায়। ষ্ট্ৰোকৰ ৮৯ ৰাণৰ উপৰিও ৰয়ে ৫৪ ,ৰোটে ৫১ আৰু অধিনায়ক মৰ্গানে ৫৭ ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। বিশ্বকাপত প্ৰথমবাৰৰ কাৰণে ইংলেণ্ডৰ চাৰি গৰকী বেটচমেনে অৰ্ধ শতৰাণৰ ইনিংছ খেলে।


ইংলেণ্ডে বিশ্বকাপৰ প্ৰথমখন খেলত ৩০০ৰ ওপৰত ৰাণ কৰি আন্তঃৰাষ্ট্ৰীয় মেচত ক্ৰমাগত পাঁচখন মেচত ৩০০ ৰাণ সংগ্ৰহ কৰি অভিলেখ অৰ্জন কৰে।


২০১৫ ৰ পিছত ইংলেণ্ডে সৰ্বাধিক ৩৯ বাৰ এটা ইনিংছত ৩০০ ৰাণৰ দেওনা পাৰ কৰিছে। সেইদৰে ভাৰতে ২১ বাৰ ২০০ দেওনা পাৰ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি