• Home
  • »
  • News
  • »
  • world
  • »
  • বিশ্বকাপ : আই চি চিৰ নিয়মক লৈ কটাক্ষ চেতন ভগত, পৰেশ ৰাৱালৰ

বিশ্বকাপ : আই চি চিৰ নিয়মক লৈ কটাক্ষ চেতন ভগত, পৰেশ ৰাৱালৰ

টুইটাৰত চেতন ভগতে এই নিয়ম সলনি কৰিবলৈ পৰামৰ্শ দিছে।

টুইটাৰত চেতন ভগতে এই নিয়ম সলনি কৰিবলৈ পৰামৰ্শ দিছে।

টুইটাৰত চেতন ভগতে এই নিয়ম সলনি কৰিবলৈ পৰামৰ্শ দিছে।

  • Share this:
    নিউজীলেণ্ডক পৰাস্ত কৰি ২০১৯ বৰ্ষৰ বিশ্বকাপ হাতত তুলি ল’লে আয়োজক দেশ ইংলেণ্ডে। লৰ্ডছৰ খেলপথাৰত অনুষ্ঠিত হোৱা খেলখন ড্ৰ’ হোৱাৰ পিছতে ছুপাৰ অভাৰৰ আশ্ৰয় লোৱা হৈছিল। ছুপাৰ অভাৰতো দুয়োটা দলে সংগ্ৰহ কৰে ১৫–১৫ ৰান। তাৰ পিছতে আই চি চিৰ নিয়ম অনুসৰি সৰ্বাধিক বাউণ্ডেৰি কোবোৱা দল হিচাপে ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হয়। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত আই চি চিৰ এই নিয়মক লৈ চলিছে ব্যাপক চৰ্চা। আই চি চিক এই নিয়ম সলনি কৰিবলৈ পৰামৰ্শ দিছে বহুজনে।

    লেখক চেতন ভগতে অনন্য ধৰণে আই চি চিৰ এই নিয়মক কটাক্ষ কৰিছে। টুইটাৰত চেতন ভগতে এই নিয়ম সলনি কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে পাঁচ দিন খেলিবলৈ সময় থাকে কিন্তু আৰু এটা ছুপাৰ অভাৰ খেলাৰ সময় নাছিল। টুইটাৰত চেতন ভগতে এই নিয়মক কটাক্ষ কৰে এইদৰে –



    চেতন ভগতৰ লগতে বলীউদৰ তাৰকা পৰেশ ৰাৱালেও টুইটাৰত আই চি চিক এম এছ ধোনীৰ গ্ল’ভছ বদলি কৰাৰ সলনি ছুপাৰ অভাৰৰ এই নিয়ম সলনি কৰাৰ পৰামৰ্শ দিয়ে।

    Published by:Sanjay Kumar Das
    First published: